গাজিয়াবাদত সামান্য বিবাদক লৈ তিনিজন লোকে ঘৰত ম’হ বান্ধি ৰখাৰ সন্দৰ্ভত একেলগে এজন ব্যক্তিক দাৰে আক্ৰমণ কৰে, যাৰ ফলত ব্যক্তিজনে সাৱটি লয় কৰুণ মৃত্যুক। আৰক্ষীয়ে এই গোচৰৰ ভিত্তিত এজন অভিযুক্তক ইতিমধ্য়েই গ্ৰেপ্তাৰ কৰিছে, বাকী অভিযুক্ত কেইজনৰো সন্ধান বৰ্তমান অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ২০২৪ চনৰ ২ আগষ্টত ইৰফান ছাইফী নামৰ এজন ব্যক্তিয়ে ল’নী থানাত এজাহাৰ দাখিল কৰিছিল যে তেওঁৰ পুত্ৰ আৰ্ছাদক একাংশ লোকে চোকা দাৰে আক্ৰমণ কৰিছিল, য’ত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু যাৰ বাবে তেওঁৰ মৃত্যু হৈছিল।
অভিযোগৰ পিছতে আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি তদন্তৰ ভিত্তিত ১১ আগষ্টত ল’নীৰ অশোক বিহাৰৰ জৈন কলনীৰ পৰা মূল অভিযুক্ত খুৰছিদ ওৰফে মুন্নাক গ্ৰেপ্তাৰ কৰে।
৪৮ বছৰীয়া খুৰছিদে জেৰাৰ সময়ত স্বীকাৰ কৰে যে ইৰফান ছাইফীয়ে তেওঁৰ বাৰীৰ ভিতৰত ম’হ বান্ধি ৰখাক লৈ দুয়োৰে মাজত বিবাদ হৈছিল। আৰু তাৰ পাছতেই খুৰছিদ, ছলমান আৰু আফ্ৰিদে মিলি আৰ্ছাদক লক্ষ্য কৰি দাৰে গুৰুতৰভাৱে আঘাত কৰিছিল, যাৰ বাবে আৰ্ছাদৰ অৱশেষত মৃত্যু হয়।
আন পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে বৰ্তমানো অব্যাহত ৰাখিছে প্ৰচেষ্টা। দিল্লীৰ সংলগ্ন গাজিয়াবাদত সৰু সৰু বিবাদক লৈ ৰক্তপাতৰ ঘটনা বৰ্তমান এতিয়া সুলভ হৈ পৰিছে। শেহতীয়াকৈ ম’হ বান্ধি ৰখাৰ বিবাদক লৈ হোৱা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ তথা গাজিয়াবাদ।