বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি প্ৰায়েই বিভিন্ন জনে দাবী উত্থাপন কৰি আহিছে। কিন্তু, এইবাৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙেও এই দাবী উত্থাপন কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বুধবাৰে কয় যে, নীতিশ কুমাৰ আৰু ওড়িষাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে।
সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি সিঙে কয়, ‘ৰাজ্যৰ উন্নয়নৰ বাবে নীতিশ কুমাৰে যথেষ্ট কাম কৰিছে। নবীন পাটনায়কেও বহু বছৰ ওড়িষাৰ সেৱা আগবঢ়াইছে। এইধৰণৰ লোকসকলক ভাৰত ৰত্নৰ দৰে পুৰষ্কাৰেৰে সন্মানিত কৰিব লাগে।’
ইয়াৰ উপৰি গিৰিৰাজ সিঙে নীতিশ কুমাৰৰ নেতৃত্বৰ ওপৰত ভৰষা থকা বুলি উল্লেখ কৰি কয় যে তেওঁৰ নেতৃত্বত বিহাৰত এন ডি এৰ চৰকাৰ চলি থাকিব। বিহাৰত পুনৰ এন ডি এৰ চৰকাৰেই হ’ব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা জে ডি ইউৰ নেতা ৰাজীৱ ৰঞ্জন সিঙে কয় যে ২০২৫ বৰ্ষৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিহাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বতে নিৰ্বাচনত অৱতীৰ্ণ হ’ব এন ডি এ।