মধ্য প্ৰদেশৰ চিণ্ডৱাড়াৰ পৰা আহিছে আন এক চাঞ্চল্যকৰ খবৰ। বিষাক্ত কফ চিৰাপ সেৱন কৰাৰ ফলত আৰু এটি শিশুৰ মৃত্যু ঘটিছে। শেহতীয়া এই ঘটনাটোক লৈ মধ্য প্ৰদেশত বিষাক্ত কফ চিৰাপ সেৱনৰ ফলত মৃত্যু হোৱা শিশুৰ সংখ্যা ১০ লৈ বৃদ্ধি পায়।
আজি মৃত্যু হোৱা শিশুটি যোৱা সপ্তাহৰ পৰা হাস্পতালত ভৰ্তি হৈ আছিল। বৃক্ক বিকল হোৱাৰ ফলতেই শিশুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।
ইফালে বিষাক্ত কফ চিৰাপ সেৱনৰ ফলত শিশুৰ মৃত্যুৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মধ্য প্ৰদেশৰ মোহন যাদৱ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মৃত্যুৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে যিকোনো ধৰণৰ কফ চিৰাপৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে, ‘কলড্ৰিফ চিৰাপৰ ফলত চিণ্ডৱাড়াত শিশুৰ মৃত্যু অত্যন্ত মৰ্মান্তিক। সমগ্ৰ মধ্যপ্ৰদেশতে এই চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। এই চিৰাপ প্ৰস্তুত কৰা কোম্পানীটোৰ অন্যান্য সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই চিৰাপ প্ৰস্তুত কৰা কাৰখানাটো আছে কাঞ্চিপুৰমত, সেয়ে ঘটনাৰ খবৰ পোৱাৰ পাছত ৰাজ্য চৰকাৰে তামিলনাডু চৰকাৰক তদন্ত কৰিবলৈ আহ্বান জনায়। আজি পুৱা তদন্তৰ প্ৰতিবেদন লাভ কৰিছো। আৰু এই প্ৰতিবেদনৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’