শেহতীয়া তথ্যমতে বুধবাৰৰ সন্ধিয়াৰ পৰা গুৱাহাটীৰ বজাৰত হ্ৰাস পাইছে সোণৰ মূল্য। বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত ২৪ কেৰেটৰ সোণৰ দাম প্ৰতিগ্ৰামত ৯,৯২৮ টকা।
মংগলবাৰতকৈ বুধবাৰে গুৱাহাটীত সোণৰ মূল্য প্ৰায় ৪৯ টকা হ্ৰাস হৈছে। আজি এই মূল্য ৫০ টকালৈ কম হোৱাৰ আশংকা কৰিছে সোণ বিক্রেতাসকলে। ২২ কেৰেটৰ সোণৰ দাম কমি প্ৰতি গ্ৰামত ৯১০০ টকা হৈছেগৈ।
মঙ্গলবাৰতকৈ বুধবাৰে ৪৫ টকা হ্ৰাস পাইছে সোণৰ দাম।
খবৰ অনুসৰি, সোণৰ মূল্য হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে বিশ্ব অৰ্থনীতিত কিছু পৰিৱৰ্তন আৰু ভাৰতীয় বজাৰত সোণৰ চাহিদা কিছু হ্ৰাস হোৱা। ইয়াৰ ফলত সোণৰ মূল্য হ্ৰাস পাইছে।