পশ্চিম আফ্ৰিকাৰ দেশ ঘানাত এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ লাভ কৰা গৈছে। ঘানা চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি এই দুৰ্ঘটনাত দেশৰ প্ৰতিৰক্ষা আৰু পৰিৱেশ মন্ত্ৰীসহ মুঠ ৮ জন লোকৰ মৃত্যু হৈছে।
ইফালে দেশখনৰ সেনাৰ তৰফৰ পৰা জনোৱা অনুসৰি, বুধবাৰে পুৱা ৰাজধানী আক্ৰাৰ পৰা হেলিকপ্টাৰখনে অবুয়াছি অঞ্চললৈ উৰা মৰাৰ পিছতেই হেলিকপ্টাৰখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে।
ৰাষ্ট্ৰপতি জন মহামাৰ চিফ অৱ ষ্টাফ জুলিয়াছ ডেব্ৰাহে সংবাদমেলৰ জৰিয়তে কয় যে প্ৰতিৰক্ষা মন্ত্ৰী এডৱাৰ্ড ওমানে বোৱামা আৰু পৰিৱেশ, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ইব্ৰাহিম মুৰ্তলা মহম্মদৰ মৃত্যু হোৱা দুৰ্ঘটনাটো ৰাষ্ট্ৰীয় ট্ৰেজেডী।
ইফালে দেশৰ হৈ সেৱা আগবঢ়োৱা এই ব্যক্তিসকলৰ মৃত্যু দেশৰ বাব অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি জন মহামাৰে।