বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী পুত্ৰ বা জীয়ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে তেলেংগানা চৰকাৰ। ৰাজ্য চৰকাৰে এনে এখন আইন প্ৰৱৰ্তন কৰিব যাৰ অধীনত যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃক অৱহেলা কৰে তেন্তে তেওঁলোকৰ দৰমহা ১০ৰ পৰা ১৫ শতাংশ কৰ্তন কৰি অৱহেলিত পিতৃ-মাতৃক প্ৰদান কৰা হ’ব।
শনিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে অতি শীঘ্ৰে এই নতুন আইন প্ৰৱৰ্তন কৰিব বুলি উল্লেখ কৰে।
নতুনকৈ নিৰ্বাচিত গ্ৰুপ-II কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ পূৰ্বে এখন সভাত ভাষণ দি ৰেড্ডীয়ে তেওঁলোকক সমস্যাৰ সৈতে তেওঁলোকৰ কাষ চাপি অহা লোকসকলৰ প্ৰতি দয়ালু হ’বলৈ আহ্বান জনায়।
ৰেড্ডীয়ে কয়, ‘আমি আইন আনিম। যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃক অৱহেলা কৰে তেন্তে ১০ৰ পৰা ১৫ শতাংশ দৰমহা কৰ্তন কৰি পিতৃ-মাতৃৰ বেংক একাউণ্টত জমা কৰা হ’ব। যেনেকৈ আপোনালোকে মাহিলী দৰমহা লাভ কৰে, আমি নিশ্চিত কৰিম যে আপোনালোকৰ পিতৃ-মাতৃয়েও ইয়াৰ পৰা মাহিলী আয় লাভ কৰে।’
ৰেড্ডীয়ে মুখ্য সচিব ৰামকৃষ্ণ ৰাওক এই আইনখনৰ খচৰা প্ৰস্তুত কৰিবলৈ বিষয়াৰ এখন কমিটী গঠন কৰিবলৈ আহ্বান জনায়।