GST কাউন্সিলে শীতল পানীয়, আইচড টি, এনাৰ্জি বেভাৰেজ আৰু অন্যান্য মিঠা পানীয়কে ধৰি বিলাসী সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জি এছ টি আৰোপ কৰিছে। ইয়াৰ জৰিয়তে চৰকাৰে এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছে যে চেনি এতিয়া কেৱল খাদ্যৰ সমস্যা নহয়, বৰঞ্চ জনসাধাৰণৰ বাবে অস্বাস্থ্যকৰ হৈ পৰিছে।
আনহাতে মিঠাইক এই পৰিসৰৰ বাহিৰত ৰখা হৈছে। আশ্চৰ্যজনকভাৱে গুলাব যমুন, কাজু কটলি, ৰাসগোল্লা, হালুৱাৰ দৰে মিঠাইৰ ওপৰত জি এছ টি ৰেহাই দিয়া হৈছে।
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহ কৰমুক্ত হৈ থাকিবলৈ দিয়া হৈছে। ভাৰতীয় মিঠাই, মাখন, ঘিউ, শুকান ফল, পেকেট গাখীৰ, চচ্চেজ, মাংস, চেনিৰ মিঠাই, জাম, জেলী, নাৰিকল পানী, নিমখীয়া, বটলত খোৱা পানী, ফলৰ পাল্প, ৰস, গাখীৰ ভিত্তিক পানীয়, আইচক্ৰীম, পেষ্ট্ৰি, বিস্কুট আৰু শস্যজাতীয় খাদ্যত কৰ ৰেহাই দিয়া হৈছে।
এই সিদ্ধান্তক লৈ বিশেষজ্ঞসকলে বহু প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে কয় যে, ই পৰস্পৰ বিৰোধী যেন লাগে কাৰণ এফালে চৰকাৰে চেনিক স্বাস্থ্যৰ প্ৰতি ভাবুকি বুলি ঘোষণা কৰিছে, আনহাতে আনফালে চেনীজাতীয় খাদ্যত কৰ ৰেহাই দিছে। বিশেষজ্ঞসকলে এই অমিলক নীতিগত অন্ধতা আৰু ৰাজনৈতিক স্বাৰ্থপৰতাৰে ভৰা সিদ্ধান্ত বুলি অভিহিত কৰিছে।
ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ মতে, যোগ কৰা চেনি দৈনিক কেলৰিৰ ৫ শতাংশতকৈ অধিক হ’ব নালাগে, যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ শতাংশ গাইডলাইনতকৈ কম। কিন্তু বাস্তৱত ভাৰতীয়সকলে প্ৰতিদিনে প্ৰায় ৮০ৰ পৰা ৯০ গ্ৰাম চেনি সেৱন কৰে, যিটো যিকোনো স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা নিৰাপদ সীমাতকৈ তিনিগুণ বেছি।
এনে পৰিস্থিতিত ভাৰতীয় মিঠাইৰ কথা ক’লে পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰে। এটা গুলাব জামুনত ৫৬ গ্ৰাম কাৰ্বহাইড্ৰেট থাকে, ইয়াৰে অধিকাংশই চেনি। আনহাতে, ২৫০ মিলিলিটাৰ শীতল পানীয়ত প্ৰায় ২৬ গ্ৰাম কাৰ্বহাইড্ৰেট থাকে।