গুজৰাট এ টি এছে আল কায়দাৰ সৈতে জড়িত চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে। এ টি এছ ডি আই জি সুনীল যোশে এই তথ্য প্ৰদান কৰে। ইয়াৰে দুজনক গুজৰাটৰ পৰা, এজন দিল্লীৰ আৰু এজন সন্ত্ৰাসবাদীক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
দীৰ্ঘদিন ধৰি এই চাৰিজনে আল কায়দাৰ মতাদৰ্শৰ প্ৰচাৰ কৰি আহিছিল। গুজৰাট এ টি এছে লাভ কৰা এক গোপন সূত্ৰৰ ভিত্তিত অভিযান আৰম্ভ কৰি চাৰিওজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এ টি এছে জানিব দিয়া অনুসৰি, এই চাৰিওজন সন্ত্ৰাসবাদীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন লোকক জালত পেলাই সংগঠনটোৰ সৈতে জড়িত কৰিছিল। এই কথা জনাৰ পিছতেই অভিযানকাৰী দলটোৱে জিশান, ফৰদীন, ছাইফুল্লা আৰু ফাৰিকক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ হোৱা আটাইকেইজন সন্ত্ৰাসবাদীৰ বয়স ২০ৰ পৰা ২৫ বছৰ। এ টি এছৰ তদন্তত প্ৰকাশ পাইছে যে এই সন্ত্ৰাসবাদী কেইজনে ভৱিষ্যতত ভয়ংকৰ কূটাঘাত কৰাৰ পৰিকল্পনা কৰিছিল।