গুজৰাটৰ পঞ্চমহল জিলাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। জিলাখনৰ পাৱাগধ পাহাৰৰ মন্দিৰত চলি থকা নির্মাণ কার্যৰ বাবে নির্মিত ৰ’পৱে চিঙি যোৱাৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন একাংশ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনৰ দল সেই স্থানত উপস্থিত হৈ উদ্ধাৰৰ কাম অব্যাহত ৰাখিছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
পঞ্চমহলৰ ডিএছপি ডাঃ হৰ্ষ দুধাতে এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। তেওঁ কয় যে এই দুৰ্ঘটনাটো পাৱাগধত সংঘটিত হৈছে। উদ্ধাৰ অভিযান চলি আছে। ঘটনাস্থলীত প্ৰশাসনৰ সকলো উচ্চপদস্থ বিষয়া উপস্থিত আছে।