কেইবাখনো আন্তঃৰাষ্ট্ৰীয় টি-২০ আৰু আই পি এলৰ মেচ সুকলমে অনুষ্ঠিত কৰা গুৱাহাটীৰ বৰ্ষাপাৰা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ। বছৰৰ শেষৰ ফালে অৰ্থাত নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব গুৱাহাটীত। ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ হ’ব মেচখন।
শৃংখলাৰ প্ৰথমখন টেষ্ট অনুষ্ঠিত হ’ব দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত। টেষ্ট শৃংখলাৰ উপৰি দুয়োখন দেশৰ মাজত পাঁচখন মেচৰ টি-২০ শৃংখলা আৰু তিনিখন মেচৰ এদিনীয়া শৃংখলাও অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, বিগত কিছুবছৰৰ পৰা গুৱাহাটীত প্ৰায় নিয়মীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈ আছে। ইয়াৰ সমান্তৰালকৈ অনুষ্ঠিত হৈ আছে আই পি এলৰ মেচ। সেয়ে সকলো সুবিধাযুক্ত গুৱাহাটীত এইবাৰ প্ৰথমবাৰৰ বাবে টেষ্ট মেচ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বিচিচিআইয়ে।
দেশৰ আন আন প্ৰান্তৰ লগতে উত্তৰ-পূব ভাৰততো ৰঙা বলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে গুৱাহাটীত টেষ্ট মেচ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা বুলি বিচিচিআইৰ এগৰাকী বিষয়াই জানিব দিয়ে।
শনিবাৰে কলকাতাত অনুষ্ঠিত হোৱা বিচিচিআইৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৩০ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰৰ ভিতৰত ৰাঁচী, ৰায়পুৰ আৰু বিশাখাপট্টনমত এদিনীয়া শৃংখলাৰ মেচ তিনিখন হোৱাৰ সম্ভাৱনা আছে।
আনহাতে ৯ৰ পৰা ১৯ ডিচেম্বৰৰ ভিতৰত হ’বলগীয়া টি-২০ শৃংখলাটোৰ মেচ পাঁচকেইখন ক্ৰমে কটক, নাগপুৰ, ধৰ্মশালা, লক্ষ্ণৌ আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব।
ইফালে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় দলটোৱে ঘৰৰ মাটিত আন এটা টেষ্ট শৃংখলাটো অংশ ল’ব।