বিশ্বৰ কমেও ২৫০ কোটি জি-মেইল একাউণ্টধাৰীলৈ আহিছে এক ডাঙৰ শংকা। হেকাৰৰ লক্ষ্য হৈ পৰিব পাৰে বিশ্বৰ কমেও ২৫০ কোটি জি-মেইল একাউণ্টধাৰী।
হেকিঙৰ আশংকাতে জি-মেইলৰ একাউণ্টধাৰীসকলক সতৰ্ক হবলৈ আহ্বান জনাইছে গুগলে। লগতে সকলোকে নিজৰ পাছৱৰ্ড সলনি কৰিবলৈও পৰামৰ্শ দিছে। শেহতীয়াকৈ বিভিন্ন জি-মেইল একাউণ্টত চলা আক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এই সতৰ্কবাণী প্ৰদান কৰে প্ৰতিষ্ঠানটোৱে। হেকাৰসকলে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি বহুতো প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ লাভ কৰিছে।