ৰাতিপুৱাৰে পৰা চলি আছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা। শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি ৪০টা পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে এই পৰ্যন্ত ৬টা সমষ্টিত বিজয়ী হৈছে।
দেবৰগাঁও সমষ্টিত বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়েও জয়ী হৈছে। এই সমষ্টিটোত হাগ্ৰামাৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ইউপিপিএলৰ খাম্পা বৰগয়াৰী। নিৰ্বাচনী প্ৰচাৰ সভাৰ সময়ত এই দুয়োজন নেতাৰ মাজত তীব্ৰ বাক্যবাণ চলিছিল যদিও অৱশেষত হাগ্ৰামা মহিলাৰীয়ে মাৰিলে শেষ হাঁহি।
হাগ্ৰামাৰ উপৰি চিৰাং জিলাৰ নিছিমা সমষ্টি আৰু কোকৰাঝাৰৰ ৬ নং কচুগাঁও সমষ্টিৰ পৰা বি পি এফৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। অৱশ্যে কচুগাঁৱৰ ফলাফল আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা নাই।
নিছিমা সমষ্টিৰ পৰা জেমছ বসুমতাৰীয়ে ইউ পি পি এলৰ প্ৰাৰ্থীক পৰাস্ত কৰি জয় লাভ কৰে। ইয়াৰ উপৰি ধনশ্ৰী, সবাইঝাৰ, হৰিশিঙা আৰু বাওখুংগ্ৰী সমষ্টিৰ পৰাও বি পি এফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে।