মঙলবাৰে ৰাজ্যসভাৰ উপ-অধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে সাক্ষাত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক। জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে উপ-অধ্যক্ষই ৰাষ্ট্ৰপতিক সাক্ষাত কৰা ঘটনাটোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।
নিয়ম অনুসৰি ৰাজ্যসভাৰ অধ্যক্ষৰ পদ খালী হোৱাৰ পাছত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে হৰিবংশ নাৰায়ণে। এনে পৰিস্থিতিত তেওঁক দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব প্ৰদানৰো জল্পনা-কল্পনা চলিছে।
জগদীপ ধনখড়ৰ পদত্যাগৰ পিছতে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি সন্দৰ্ভত সমগ্ৰ দেশতে সম্ভাৱ্য নেতাৰ ওপৰত আলোচনা আৰম্ভ হৈছে। এই দৌৰত এতিয়া হৰিবংশ নাৰায়ণক আগশাৰীৰ স্থানত বিবেচনা কৰা হৈছে।
ৰাষ্ট্ৰপতি ভৱনে বৈঠকৰ এখন ছবি শ্বেয়াৰ কৰি এক্সত লিখিছে, ‘ৰাজ্যসভাৰ উপ-অধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ কৰে।’
উল্লেখ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যৰ দোহাৰি দি হঠাৎ পদত্যাগ কৰিছিল ধনখড়ে। ইয়াৰ পিছত মঙলবাৰে ৰাজ্যসভাত পুৱাৰ অধিৱেশনৰ কাৰ্যসূচী পৰিচালনা কৰে হৰিবংশ নাৰায়ণে।