দেওবাৰ অৰ্থাৎ ২৯ ডিচেম্বৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ জীৱনাৱসান হয়। ১০০ বছৰ বয়সত তেওঁ শেষ নিশ্বাহ ত্যাগ কৰে। ভাৰত ভ্ৰমণ কৰা তেওঁ আছিল আমেৰিকাৰ তৃতীয়জন ৰাষ্ট্ৰপতি।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, কাৰ্টাৰক ভাৰতৰ মিত্ৰ বুলি কোৱা হয়। ভাৰত ভ্ৰমণৰ সময়ত তেওঁ দিল্লীৰ নিচেই ওচৰত থকা হাৰিয়ানাৰ দৌলতপুৰ-নসীদাবাদৰ এখন গাঁওৰ ভ্ৰমণলৈ গৈছিল, তাৰ পিছতে তেওঁৰ নামেৰে, সেই গাঁওখনৰ নাম কাৰ্টাৰপুৰী ৰখা হৈছিল।
১৯২৪ চনত জন্মগ্ৰহণ কৰা জিমি কাৰ্টাৰ আমেৰিকাৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি আছিল। ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল। ৰাষ্ট্ৰপতিৰ কাৰ্যকালত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল। তাৰ পিছত ভাৰতত জৰুৰীকালীন অৱস্থাৰ পিছত জনতা পাৰ্টি চৰকাৰ গঠন হ’ল। ১৯৭৮ চনত ভাৰতলৈ আহি ২ জানুৱাৰীত সাংসদত ভাষণো দিয়ে। তেওঁ একনায়কত্ববাদৰ বিৰুদ্ধেও মাত মাতিছিল।
৩ জানুৱাৰীত তেওঁ পত্নী ৰোজালিন কাৰ্টাৰৰ সৈতে হাৰিয়ানাৰ গুৰুগ্ৰামৰ দৌলাতাবাদ-নাছিৰাবাদলৈ গৈছিল। ভাৰতলৈ তেওঁৰ এই ভ্ৰমণ অতি সফল হৈছিল। তেওঁৰ নামেৰেই গাঁওৱাসীসকলে এই গাঁওখনৰ নাম ৰাখিলে কাৰ্টাৰপুৰী। কেৱল এয়াই নহয়, জিমি কাৰ্টাৰ যেতিয়ালৈকে হোয়াইট হাউচত আছিল, তেতিয়ালৈকে এই গাঁৱৰ মানুহৰ লগত যোগাযোগ ৰাখিছিল।
ৰাষ্ট্ৰপতি পদ এৰি যোৱাৰ পিছত জিমি কাৰ্টাৰে কাৰ্টাৰ চেণ্টাৰৰ জৰিয়তে সাধাৰণ জনসাধাৰণক যথেষ্ট সহায় কৰিছিল। কাৰ্টাৰ চেণ্টাৰৰ জৰিয়তে তেওঁ মানৱীয় কাম-কাজত নিয়োজিত হৈ আছিল। ইয়াৰ কাৰণে ২০০২ চনত জিমি কাৰ্টাৰক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়। জিমি কাৰ্টাৰে নোবেল বঁটা লাভ কৰা বাবে কাৰ্টাৰপুৰী গাঁৱত উদযাপনো কৰা হৈছিল।