হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক। হাৰিয়ানাত কৰ্মৰত অৱস্থাত থকা অসমৰ শ্ৰমিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। অবৈধ বাংলাদেশীৰ সন্দেহত হাৰিয়ানাত গ্ৰেপ্তাৰ হ’ল অসমৰ এই শ্ৰমিক কেইজনক।
হাৰিয়ানাৰ আৰক্ষীয়ে ইতিমধ্যে অসমৰ ৪১জন শ্ৰমিকক গ্ৰেপ্তাৰ কৰিছে। হাৰিয়ানাৰ গুৰগাঁও চেক্টৰ 10 A আৰক্ষী থানাত ৰখা হৈছে অসমৰ এই শ্ৰমিকসকলক।
এই ৪১জন লোকৰ ভিতৰত আছে মানকাচৰৰ ১৯জনকৈ শ্ৰমিক। এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে।
বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকক ওভতাই আনিবলৈ মুখ্যমন্ত্ৰীৰে আলোচনাতো মিলিত হ’ব বিধায়কগৰাকী। ডিজিপিৰ লগতে মুখ্য সচিবৰ ওচৰতো শ্ৰমিকক ওভতাই অনাৰ দাবী জনালে আমিনুল ইছলামে।