ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে ৬৭ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে।
বিজেপিৰ তালিকা অনুসৰি মুখ্যমন্ত্ৰী নায়ব ছৈনীয়ে লাডৱা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। শেহতীয়াকৈ বিজেপিত যোগদান কৰা কিৰণ চৌধুৰীৰ কন্যাই টিকট লাভ কৰিছে।
শ্ৰুতি চৌধুৰীকো তোছাম সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। ৬৭ জন প্ৰাৰ্থীৰ প্ৰথম তালিকাত নজন বৰ্তমানৰ বিধায়কক টিকট প্ৰদান কৰা নাই।
আনহাতে, ২ জন বিধায়কক অন্য সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। লগতে, উপাধ্যক্ষ ৰণবীৰ গাংৱাক নলৱাৰ ঠাইত বৰৱালাৰ পৰা টিকট দিয়া হৈছে।
আনহাতে, কোছলীৰ বিধায়ক লক্ষ্মণ যাদৱক কোছলীৰ পৰিৱৰ্তে ৰেৱাৰীৰ পৰা টিকট প্ৰদান কৰিছে। ইফালে, ৰাজ্যিক মন্ত্ৰী বিশাখাৰ বাল্মীকিৰ টিকট কৰ্তন কৰা হৈছে। তাৰ পৰিৱৰ্তে কাপুৰ বাল্মীকিক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।