বৰ্তমান সময়ত চুলি সৰাটো এক সাধাৰণ সমস্যা হৈ পৰিছে। আজিৰ সময়ত অস্বাস্থ্যকৰ খাদ্য আৰু মানসিক চাপৰ বাবে মানুহৰ অতি কম বয়সৰ পৰাই চুলি সৰিবলৈ আৰম্ভ কৰে।
চুলি বিশেষজ্ঞসকলৰ মতে, দিনটোত প্ৰায় ১০০ডাল চুলি সৰাটো স্বাভাৱিক, কিন্তু যদি কোনো ব্যক্তিৰ চুলিৰ অধিক অংশ সৰিছে, তেন্তে সেয়া চিন্তাৰ বিষয় হ’ব পাৰে। অত্যাধিক চুলি সৰা সমস্যাৰ বাবে কম বয়সতে মানুহ তকলা হোৱাৰ বলি হয়।
চুলি সৰাৰ বাবে আটাইতকৈ ডাঙৰ কাৰণটো হ’ল জীৱনশৈলীৰ অৱনতি আৰু মানসিক চাপ বুলি বিবেচিত হৈছে। শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসেও চুলিত প্ৰভাৱ পেলায়। বিশেষজ্ঞসকলৰ মতে, অত্যধিক চুলি সৰাটো স্বাস্থ্যজনিত সমস্যা, মানসিক অসুবিধা বা যিকোনো বিশেষ ধৰণৰ ৰোগৰ লক্ষণো হ’ব পাৰে। এনে পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’লে চুলি সৰা সমস্যা বাঢ়ি যায়। জিংকৰ অভাৱত চুলি সৰা বাঢ়ি যায়। এনে পৰিস্থিতিত জিংক সমৃদ্ধ বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।
চুলি সৰা নোহোৱা কৰিবলৈ-
- চুলি স্বাস্থ্যকৰ, কোমল আৰু দীঘল কৰিবলৈ জিংক সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে। ভেঁকুৰ খালে জিংক, কেলচিয়াম, পটাছিয়াম, ফছফৰাছ আৰু প্ৰটিনৰ অভাৱ পূৰণ হয়।
- কণীৰ কুহুম খালে জিংকৰ অভাৱ পূৰণ কৰিব পাৰি। ইয়াত জিংক, কেলচিয়াম, আইৰণ, ভিটামিন বি ১২, থাইয়ামিন, ভিটামিন বি ৬, ফ’লেট আৰু ফছফৰাছ আদি উপাদান থাকে।
- কাজু বাদামতো জিংক পোৱা যায়। কাজু বাদামত তাম, ভিটামিন কে, ভিটামিন এ আৰু ফ’লেটও থাকে যাৰ ফলত চুলি মজবুত হয়।
- চুলিৰ বাবে তিল উপকাৰী। জিংক, প্ৰটিন, কেলচিয়াম, কাৰ্বহাইড্ৰেট, ফলিক এচিড আৰু বি কমপ্লেক্স তিলৰ গুটিত পোৱা যায়।
- জিংকৰ অভাৱ দূৰ কৰিবলৈ দৈনিক হালধি খাব লাগে। ই ভিটামিন এ, বি আৰু চি, আয়’ডিন, আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান প্ৰদান কৰে।
- জিংকৰ অভাৱ দূৰ কৰিবলৈ বাদাম খাব লাগে। ইয়াৰ উপৰিও ই আইৰণ, পটাছিয়াম, ফলিক এচিড, ভিটামিন ই, মেগনেছিয়াম আৰু আঁহৰ যোগান ধৰে।