মাইগ্ৰেইন হৈছে এক স্নায়ুজনিত সমস্যা, যাৰ বৈশিষ্ট্য হৈছে মূৰৰ এটা অংশত তীব্ৰ বিষ। ইয়াৰ লগত বমি, পোহৰৰ লগত জড়িত অস্বস্তি, মূৰ ঘূৰোৱা বা শব্দৰ প্ৰতি সংবেদনশীলতাও হ’ব পাৰে।
শীতকাল আৰম্ভ হোৱাৰ লগে লগে মাইগ্ৰেইনৰ ৰোগী বৃদ্ধি পায়। ইয়াৰ ফলত কেৱল মাইগ্ৰেইন ৰোগীয়েই নহয়; আনকি মাইগ্ৰেইন নথকাসকলেও ঠাণ্ডাৰ সময়ত মূৰৰ বিষ, গধুৰতা আৰু তেজৰ সোঁতৰ সামান্য পৰিৱৰ্তন অনুভৱ কৰিব পাৰে।
বতৰ সলনি হোৱাৰ লগে লগে বহু লোকৰ বাবে মাইগ্ৰেইনৰ আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ বাবে সাৱধানতা আৰু সজাগতা দুয়োটা অতি প্ৰয়োজনীয় হৈ পৰে।
শীতকালত মাইগ্ৰেইনৰ লক্ষণসমূহ বেছি দেখা যায়, যেনে মূৰৰ বিষ, চকুৰ চাৰিওফালে গধুৰ হোৱা, সামান্য বিষ, বমি, ডিঙি জঠৰ হোৱা, খিংখিঙীয়া হোৱা। চৰ্দিৰ ফলত শৰীৰৰ পেশী সংকোচন হয় আৰু মগজুৰ স্নায়ুবোৰো সংকুচিত হৈ মূৰৰ বিষ আৰু বেছিকৈ বৃদ্ধি কৰিব পাৰে।
বহুতৰে বাবে ঠাণ্ডা বতাহ, কুঁৱলী আৰু হঠাতে উষ্ণতা হ্ৰাস পোৱাটোৱেও বিষ আৰু বেছিকৈ বৃদ্ধি কৰে। ঠাণ্ডাৰ সময়ত ঘৰৰ ভিতৰত অধিক সময় কটালে, কম সূৰ্য্যৰ পোহৰ আৰু অনিয়মিত ৰুটিনেও মাইগ্ৰেইনৰ লক্ষণৰ সূচনা কৰিব পাৰে।
মাইগ্ৰেইন কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি-
- ঠাণ্ডা বতাহৰ পৰা হাত সাৰিবলৈ মূৰ-কাণ ঢাকি ৰাখিব লাগে।
- ১৫-২০ মিনিট ৰ’দত বহিব লাগে।
- পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
- নিয়মীয়াকৈ টোপনি আৰু ৰুটিন বৰ্তাই ৰাখিব লাগে।
- মানসিক চাপ কম কৰিবলৈ ধ্যান বা লঘু ব্যায়াম কৰিব লাগে।











