সূৰ্যৰ ৰশ্মিয়ে কেৱল আমাক আলোকিত কৰাই নহয়, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। পিছে সূৰ্যৰ অত্যাধিক গৰম ৰশ্মি আমাৰ ছালৰ বাবে অতিকৈ ক্ষতিকাৰক।
যাৰ বাবে আমি গ্ৰীষ্মকালত তীব্ৰ ৰ’দত ওলাবলৈ ভয় কৰো। সূৰ্যৰ ৰশ্মি হৈছে ভিটামিন ডিৰ সৰ্বশ্ৰেষ্ঠ উৎস।ই আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ বাবে অত্যাৱশ্যকীয়। কিন্তু ইয়াৰ উপৰিও সূৰ্যৰ ৰশ্মি আমাৰ মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী।
বৰ্তমান সময়ত মানসিক স্বাস্থ্যৰ সৈতে সম্পৰ্কিত বিভিন্ন প্ৰকাৰৰ সমস্যা বৃদ্ধি পাইছে। যাৰ বাবে আমাৰ দৈনন্দিন জীৱনশৈলীৰ লগতে পাৰিবাৰিক সম্বন্ধৰ ওপৰতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে। সেয়েহে মানসিক স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ সময়মতে শোৱা আৰু উঠাৰ উপৰিও ধ্যান কৰাৰ পৰামৰ্শ দিয়া হয়। কিন্তু ইয়াৰ বাহিৰেও সূৰ্যৰ পোহৰো আমাৰ মানসিক স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।
সূৰ্যৰ পোহৰে মানসিক স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়। হেল্থলাইন ৱেবছাইটৰ মতে, সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ ফলত মগজুত চেৰোটনিন নামৰ এবিধ হৰমনৰ স্তৰ বৃদ্ধি হয়।
এই হৰমনবিধে আমাৰ মনোভাৱ উন্নত কৰাৰ লগতে মনটোক শান্ত কৰে। ই মনোযোগ বৃদ্ধি কৰাতো সহায় কৰে। ই আমাৰ শৰীৰৰ চাপ আৰু উদ্বেগ হ্ৰাস কৰি যিয়ে মানসিক স্বাস্থ্য উন্নত কৰে।
ৰাতিপুৱা ৭ বজালৈ ওলোৱা সূৰ্যৰ পোহৰ স্বাস্থ্যৰ পক্ষে অধিক উপকাৰী। ই আমাৰ শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী।
পিছে অত্যাধিক সূৰ্যৰ ৰশ্মি আমাৰ ছাল আৰু স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক হৈ উঠিব পাৰে। গতিকে মনত ৰখা উচিত যে নিজকে হাইড্ৰেটেড ৰাখিবলৈ আৰু সূৰ্যলৈ সংস্পৰ্শলৈ অহাৰ আগতে ছালত চানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে।