বিশ্বৰ বহু দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। ভাৰততো এই ভাইৰাছৰ নতুন ভিন্নতাত আক্ৰান্ত লোকৰ সংখ্যা অহৰহ বাঢ়িছে। ২ জুনলৈকে ভাৰতত ধৰা পৰিছে ৩৭৫৮ জন সক্ৰিয় ৰোগী।
একে সময়তে ভাৰতত ৩২ জন লোকে প্ৰাণ হেৰুৱাইছে। জানো আহক শৰীৰত পূৰ্বতে থকা ৰোগবোৰেই ইয়াৰ আঁৰৰ কাৰণ নেকি-
WHO ৰ নতুন গৱেষণা আৰু শেহতীয়া প্ৰতিবেদন অনুসৰি ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মৃত্যুৰ আশংকা অধিক। আচলতে এইবোৰৰ ভিতৰত বিশেষকৈ ৬০ বছৰৰ ওপৰৰ লোকসকলো অন্তৰ্ভুক্ত। ২০২০ চনৰ ভিতৰত চীনৰ ৪৪ হাজাৰ ৰোগীৰ ওপৰত গৱেষণা কৰা হৈছিল।
তাত প্ৰকাশ পায় যে ৮০ বছৰৰ ওপৰৰ লোকৰ মৃত্যুৰ হাৰ মধ্যবয়সীয়া গোটতকৈ ১০ গুণ বেছি। নতুন গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে, নতুন ভিন্নতা যেনে JN.1 আৰু NB.1.8.1 য়েও বৃদ্ধসকলৰ ওপৰত অধিক গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।
তথ্য অনুসৰি, পূৰ্বতে থকা স্বাস্থ্যজনিত সমস্যাৰ বাবে ক’ভিড-১৯ত মৃত্যুৰ আশংকা বহুগুণে বৃদ্ধি পায়। আইচিএমআৰৰ নিৰ্দেশনা অনুসৰি, যদি ডায়েবেটিছ ৰোগীৰ তেজৰ চেনি নিয়ন্ত্ৰণহীন হয়, তেন্তে শৰীৰৰ ক’ভিড-১৯ৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। আচলতে ইয়াৰ ফলত ভাইৰাছৰ ফলত হোৱা প্ৰদাহ বৃদ্ধি পায় আৰু হাওঁফাওঁকে ধৰি অন্যান্য অংগৰ ক্ষতি হয়। একে সময়তে হৃদৰোগ যেনে উচ্চ ৰক্তচাপ, ধমনী ৰোগ বা হৃদযন্ত্ৰৰ বিকলতাই ক’ভিড-১৯ৰ দ্বাৰা সৃষ্টি হোৱা সমস্যা বৃদ্ধি কৰে। উল্লেখ্য যে এই ভাইৰাছে হৃদযন্ত্ৰৰ পেশীত চাপ দিয়ে, যাৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
আইচিএমআৰৰ ২০২৪ চনৰ এক প্ৰতিবেদন অনুসৰি, ডায়েবেটিছ, হৃদৰোগ আৰু মেদবহুলতাই শৰীৰত দীৰ্ঘদিনীয়া প্ৰদাহ বৃদ্ধি কৰে, যাৰ ফলত ক’ভিড-১৯ৰ দৰে সমস্যা অধিক ভয়াৱহ হৈ পৰে। একে সময়তে ক’ভিড-১৯য়ে প্ৰধানকৈ হাওঁফাওঁৰ ওপৰতো প্ৰভাৱ পেলায়। যদি কাৰোবাৰ ইতিমধ্যে হাওঁফাওঁৰ ৰোগ আছে, তেন্তে তেওঁলোকৰ উশাহ-নিশাহৰ ক্ষমতাত প্ৰভাৱ পৰে। ইয়াৰ বাহিৰেও দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাই কৰ’না ভাইৰাছক ৰোধ কৰিব নোৱাৰে, যাৰ ফলত নিউমোনিয়া, এ আৰ ডি এছ আৰু বহু অংগ বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।