আইৰণৰ অভাৱত শৰীৰত বহু সমস্যাৰ সৃষ্টি হয়। আইৰণ হৈছে এক অপৰিহাৰ্য পুষ্টিকৰ পদাৰ্থ, যিয়ে সমগ্ৰ শৰীৰত অক্সিজেন প্ৰেৰণৰ কাম কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আইৰণ হিম’গ্লবিনৰ এক গুৰুত্বপূৰ্ণ উপাদান।
আইৰণৰ অভাৱত শৰীৰত সুস্থ ৰক্তকণিকা উৎপন্ন হ’ব নোৱাৰে। শৰীৰত ৰক্তকণিকা নাথাকিলে আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা বোলে। ভাৰতত পুৰুষতকৈ মহিলাৰ ৰক্তহীনতাৰ প্ৰৱণতা বেছি। সাধাৰণতে মানুহে আইৰণৰ অভাৱৰ লক্ষণসমূহ বুজি নাপায়।
আইৰণৰ অভাৱৰ লক্ষণ-
আইৰণৰ অভাৱত ক্লান্তি, দুৰ্বলতা, ছাল শেঁতা, উশাহ-নিশাহ লোৱাত অসুবিধা, মূৰ্চ্ছা যোৱা, মূৰৰ বিষ, হৃদস্পন্দন বৃদ্ধি, বুকুৰ বিষ, হাত-ভৰি ঠাণ্ডা, চুলি সৰা, মুখৰ কোণ ফাটি যোৱা, ডিঙিৰ বিষ আৰু জিভা ফুলা আদি লক্ষণ দেখা দিয়ে।
প্ৰয়োজনীয়তা-
- স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শৰীৰত কিমান পৰিমাণৰ আইৰণৰ প্ৰয়োজন হয় সেয়া ব্যক্তিজনৰ বয়স, লিংগ আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে।
- নৱজাতক আৰু শিশুক প্ৰাপ্তবয়স্কতকৈ অধিক আইৰণৰ প্ৰয়োজন হয়, কাৰণ তেওঁলোকৰ শৰীৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। শৈশৱত ল’ৰা-ছোৱালীৰ বাবে একে পৰিমাণৰ আইৰণৰ প্ৰয়োজন হয়।
- ৪ৰ পৰা ৮ বছৰ বয়সত প্ৰতিদিনে ১০ মিলিগ্ৰাম আৰু ৯ৰ পৰা ১৩ বছৰ বয়সত প্ৰতিদিনে ৮ মিলিগ্ৰাম খাব লাগে।
- মহিলাসকলক আইৰণৰ অধিক প্ৰয়োজন কাৰণ মাহেকীয়াৰ সময়ত তেওঁলোকৰ শৰীৰৰ পৰা বহু পৰিমাণে তেজ হেৰাই যায়। চিকিৎসকৰ মতে ১৯ৰ পৰা ৫০ বছৰৰ ভিতৰৰ মহিলাসকলে প্ৰতিদিনে ১৮ মিলিগ্ৰাম আইৰণ গ্ৰহণ কৰিব লাগে, আনহাতে একে বয়সৰ পুৰুষৰ বাবে মাত্ৰ ৮ মিলিগ্ৰাম আইৰণহে যথেষ্ট।
- একে সময়তে গৰ্ভৱতী বা স্তন্যপায়ী মহিলা, বৃক্কৰ ৰোগ, আলচাৰ, গেষ্ট্ৰাইটিছ ডিছঅৰ্ডাৰ, ওজন কমাব পৰা অস্ত্ৰোপচাৰ, বহুত ৱৰ্কআউট কৰা আৰু নিৰামিষভোজীসকলক অধিক পৰিমাণৰ আইৰণ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়।
কি কি খাদ্যত আইৰণ বেছি থাকে জানো আহক-
কুকুৰা, কণী, মাছ, চজিনা, মচুৰ দাইল, শুকান পটল, বীন, কচু, সেউজীয়া পটল, ব্ৰকলি, ব্ৰাছেলছ স্প্ৰাউট আৰু গোটা শস্য আদি মাহজাতীয় শস্যত আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে যাতে শৰীৰত আইৰণৰ অভাৱ নহয়।