গেষ্ট্ৰিক বা এচিডিটি মানে হ’ল, পাকস্থলীত অতি মাত্ৰা এচিডৰ নি:সৰণ হোৱা। স্বাভাৱিক ভাবেই আমাৰ খোৱা খাদ্য হজম হ’বলৈ আমাৰ পাকস্থলীত বিশেষ মাত্ৰাৰ এচিড হয়, সেই নি:সৰণ যেতিয়া অতি মাত্ৰাত হয়, সেই অৱস্থাটোকে এচিডিটি কোৱা হয়।
যেতিয়া সেই এচিডিটি কম পৰিমানত হয়, তেতিয়া ৰোগীজনৰ টেঙা ভাব হয় আৰু অধিক পৰিমানৰ এচিডিটি হ’লে, বমি ভাব হয়। তেনেকুৱা হ’লে সাধাৰনতে অন্ঠ-কন্ঠ জ্বলি যোৱা দৰে অনুভৱ হয় আৰু মুখৰ ভিতৰত তিতা অনুভৱ হয়।
- অতিৰিক্ত গৰম মছলাযুক্ত খাদ্য।
- গেলা মাছ-মাংস গ্ৰহণ।
- মাদক দ্ৰব্য সেৱন, অতি গৰম বা ঠাণ্ডা খাদ্য গ্ৰহণ কৰিলে এই ৰোগ আৰম্ভ হয়।
- অতিপাত গৰমত পৰিশ্ৰম কৰি শৰীৰ আৰু পাকস্থলী গৰম হৈ থকা অৱস্থাত ঠাণ্ডা পানীয় বা আহাৰ গ্ৰহণ কৰাৰ ফলতো গেষ্ট্ৰিক হ’ব পাৰে।
- অতিৰিক্ত মাদক দ্ৰব্য সেৱন কৰে, জ্বলা-মছলা, অতিৰিক্ত তেল দিয়া খাদ্য গ্ৰহণ কৰে বা ভোক নলগাকৈ অতিৰিক্ত আহাৰ খোৱাৰ অভ্যাস কৰিলেও গেষ্ট্ৰিক হয়।
- তামৰ পাত্ৰত বহু সময় বস্তু ৰাখি খালে, হঠাৎ ঋতু পৰিৱৰ্তন হ’লে, ঠাণ্ডা লাগিলে, কোষ্ঠকাঠিন্য হ’লে, অজীর্ণ হ’লে, অম্ল বেছি হ’লে, সময়মতে আহাৰ গ্ৰহণ নকৰিলে, খালি পেটত চাহ বা কফি খালে, বহু সময় লঘোনে থাকিলে এই ৰোগ হয়।
- বৃক্কত পাথৰ হ’লেও এই ৰোগ হ’ব পাৰে।
- উদ্বেগ, উত্তেজনা, মানসিকভাবে অধিক চিন্তাও অন্যতম কাৰণ।
এই ৰোগৰ লক্ষণ-
- পেটত জ্বলা-পোৰা আৰু বিষ হয়।
- শৌচ কঠিন, পেটত বায়ু জমা আৰু আহাৰ খোৱাৰ এক ডেৰ ঘণ্টাৰ পিচত বিষ অনুভব হয়।
- ৰক্তহীনতা আৰু শৰীৰ দুৰ্বল হয়।
- কেতিয়াবা বমি ভাব হয় অথবা বমি হয়।
- ঘনাই শৌচ লগা।
ঔষধি দৰব-
(১) মিঠা আনাৰস আৰু আমলখিৰ ৰস এক এটা পাত্ৰত লৈ তাত সমান পৰিমাণৰ শিলিখা ৰস মিহলাই কাপোৰেৰে চেকি তাত দুটা লং পিহি ৰাতিপুৱা খালি পেটত খাব লাগে।
(২) মৌৰ লগত আমলখিৰ ৰস এই ৰোগৰ সর্বশ্রেষ্ঠ প্রাকৃতিক দৰব।
(৩) গাজৰৰ ৰস খোৱা ভাল। মূলাৰ তৰকাৰীও এই ৰোগ নিৰাময়ৰ এক কাৰণ।
(৪) ডাব নাৰিকলৰ পানী খালে পেটৰ জ্বলা-পোৰা আৰু বিষ নাইকিয়া হয়।
(৫) কাজিনেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালি পেটত খোৱাৰ উপৰিও ৰাতি আহাৰ খোৱাৰ এক ডেৰ ঘণ্টাৰ পিচত খালে এই ৰোগ নাশ হয়।
(৬) ভীমকল পিটিকি চেনি আৰু ইলাচিৰ লগত খালে অম্লশূল ৰোগ ভাল হয়।
(৭) ২ চামুচ হালধিৰ ৰস সামান্য চেনিৰ লগত মিহলাই খাব লাগে।
এই ৰোগৰ পৰা উপশম পাবলৈ টেঙা জাতীয় খাদ্য, মাদক দ্রব্য, বিড়ি, চিগাৰেট, আদা, অত্যাধিক নিমখ আৰু তিল খোৱা বেয়া। ৰ’দত অধিক সময় থাকি ঠাণ্ডা খাদ্য খোৱাটো উচিত নহয়। মাছ, মাংস, কণী আদি অপথ্য।