দৈ শৰীৰৰ পক্ষে অতিকৈ উপকাৰী। হিন্দু ধৰ্মীয় গ্ৰন্থত দৈৰ গুণৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। কোৱা হয় যে, দৈৰ লগত খোৱা যিকোনো খাদ্য সহজে হজম হয়। দৈৰ পৰা তৈয়াৰী সামগ্ৰী সেৱন কৰাটো স্বাস্থ্যৰ বাবে ভাল বুলি বিবেচিত হয়।
কিন্তু দৈ সেৱনৰ কিছু নিয়মো শাস্ত্ৰত উল্লেখ কৰা হৈছে। দৈ চেনিৰ লগত আৰু ৰাইটাৰ ৰূপত বেছিকৈ সেৱন কৰা হয়। চেনিয়ে শৰীৰক শক্তি প্ৰদানৰ কাম কৰে। এনে পৰিস্থিতিত দৈ আৰু চেনি একেলগে সেৱন কৰিলে ইয়াৰ উপকাৰ দুগুণ হয়। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে ৰাতিপুৱা দৈ খোৱাটো ভাল।
দৈ খাই ঘৰৰ পৰা ওলাই গ’লে কোনো অশুভ বা অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় বুলি বিশ্বাস কৰা হয়। অৱশ্যে এতিয়ালৈকে ইয়াৰ কোনো প্ৰমাণ পোৱা নাই। কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতীয় সংস্কৃতিত ইয়াৰ এটা বৈজ্ঞানিক কাৰণ আছে, যিটো জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়।
দৈত বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে- পানী, প্ৰটিন, খনিজ, কেলচিয়াম, আইৰন, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি।
চেনিৰ দৈ সেৱনৰ উপকাৰিতা-
- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
- পাচন শক্তিক সুস্থ কৰি ৰাখে।
- হৃদৰোগ প্ৰতিৰোধ কৰে।
- মানসিক স্বাস্থ্য ভালে ৰাখে।
- শৰীৰ শীতল কৰি ৰখাত সহায় কৰে।
আয়ুৰ্বেদৰ মতে গ্ৰীষ্মকালত চেনিৰ লগত মিহলি দৈ খালে শৰীৰ শীতল হয়। ইয়াক খালে শৰীৰত মানসিক চাপ কমি যায়। তদুপৰি দৈ আৰু চেনি খালে একাগ্ৰতা বৃদ্ধি পায়।