ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান। ৰাজনৈতিক দলসমূহে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰাৰ সমান্তৰালকৈ প্ৰাৰ্থীসকলে ইজনে সিজনলৈ তীব্ৰ বাক্যবাণো নিক্ষেপ কৰা পৰিলক্ষিত হৈছে।
চোকা বাক্যবাণেৰে বিৰোধীক লক্ষ্য কৰি লোৱাৰ ক্ষেত্ৰত শীৰ্ষত আছে ঝাৰখণ্ডৰ বিজেপিৰ প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাঁচীত আয়োজিত এক নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী শৰ্মাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আৰু তেওঁৰ পত্নী কল্পনা চোৰেনক চোকা ভাষাৰে সমালোচনা কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে দুখীয়াৰ বাবে একো কাম নকৰি তেওঁলোক দুয়োজনে ইজনে সিজনক প্ৰশংসা কৰি থাকে।
হিমন্ত বিশ্ব শৰ্মাই কয়, ‘কল্পনা চোৰেনে কয় যে হেমন্ত চোৰেনৰ দৰে ভাল মানুহ এই পৃথিৱীত নাই আৰু হেমন্ত চোৰেনে কয় য়ে কল্পনা চোৰেনৰ দৰে ভাল নাৰী নাই। চিনেমাত যি হয় সেয়া তেওঁলোকৰ মাজত হৈ আছে। দুখীয়াৰ বাবে কি কৰিলে সেয়া মই নাজানো’।
তেওঁ লগতে কয় যে মোৰ ঘৰতো মোৰ পত্নীয়ে কয় যে হেমন্ত চোৰেনৰ পত্নীয়ে যেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, ময়ো ৰাজনীতিত প্ৰৱেশ কৰিব বিচাৰো, তেতিয়া মই তেওঁক কৈছো যে বিজেপিত এই পৰম্পৰা নাই। ইয়াত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ স্থান নাই। কল্পনা চোৰেনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ঘৰত হুলস্থুলৰ সৃষ্টি হয়, কিন্তু আমি পৰিয়ালৰ বাবে ৰাজনীতিত অহা নাই, জনসাধাৰণৰ বাবে আহিছো।
অসমৰ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ঝাৰখণ্ডত হেমন্ত চোৰেন আৰু কল্পনা চোৰেনৰ মাজত এখন চিনেমাৰ শ্বুটিং চলি আছে, য’ত তেওঁলোকে দুখীয়াৰ কথা চিন্তা নকৰে। দুয়োজনে ইজনে সিজনক প্ৰশংসা কৰে যদিও দুখীয়াৰ বাবে একো কৰা হোৱা নাই।