ইজৰাইলে হামাছ আৰু হিজবুল্লাহৰ ওপৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইজৰাইলে ৰকেট, মিছাইল আৰু ড্ৰোনেৰে অহৰহ আক্ৰমণ কৰিছে হামাছ আৰু হিজবুল্লাহৰ ওপৰত। সোমবাৰটো হিজবুল্লাহৰ বাবে আছিল এক অবিস্মৰণীয় দিন আছিল।
ইজৰাইলৰ সেনাই লেবাননত ৩০০ৰো অধিক ক্ষেপণাস্ত্ৰৰে হিজবুল্লাহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল, য’ত হিজবুল্লাহক বিত্তীয় সাহায্য প্ৰদান কৰা বহু কোম্পানীও আছিল। তথ্য অনুসৰি, ইৰাণে এই কোম্পানীসমূহৰ জৰিয়তে হিজবুল্লাহক পুঁজি দিয়ে।
লেবাননত স্থল অভিযানত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হিজবুল্লাহৰ প্ৰাক্তন মুৰব্বী নাছৰল্লাহৰ বাংকাৰ উন্মোচন কৰিছে। ইয়াত ৫০ কোটি ডলাৰতকৈ অধিক মূল্যৰ সোণ আৰু নগদ ধন পোৱা গৈছে।
সোমবাৰে ইজৰাইলী সেনাই হিজবুল্লাহৰ পুঁজিক লক্ষ্য কৰি লয়। বিগত ২৪ ঘন্টাত আইডিএফে লেবাননৰ প্ৰায় ৩০০টা স্থানত আক্ৰমণ চলাইছিল। ইজৰাইলৰ সেনা প্ৰধানগৰাকীয়ে কয় যে, কেৱল যোৱা ২৪ ঘণ্টাত প্ৰায় ৩০০ টা লক্ষ্য কৰি লোৱা হৈছে।
ইয়াৰ উপৰিও ইৰাণ সমৰ্থিত হিজবুল্লাহৰ সৈতে জড়িত বিত্তীয় কোম্পানী আল-কাৰ্ড আল হাছানৰ প্ৰায় ৩০টা স্থানো অন্তৰ্ভুক্ত কৰা হৈছে। খবৰ অনুসৰি, এতিয়ালৈকে ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ ৭ জন ব্ৰিগেড কমাণ্ডাৰ, ২১ জন বেটেলিয়ন কমাণ্ডাৰ আৰু ২৪ জন কোম্পানী কমাণ্ডাৰ নিহত হৈছে।