ৰাজধানী দিল্লীত দীপাৱলীৰ পূৰ্বে সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে সষ্টম হৈছে তদন্তকাৰী সংস্থা। ৰোহিনী জিলাৰ প্ৰশান্ত বিহাৰ অঞ্চলত অৱস্থিত চি আৰ পি এফ বিদ্যালয়ৰ সমীপত দেওবাৰে পুৱা সংঘটিত হোৱা বিস্ফোৰণৰ তদন্তৰ দায়িত্ব এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হাতত অৰ্পণ কৰা হৈছে।
তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই বিস্ফোৰণ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে তদন্তকাৰী সংস্থাৰ পৰা বিস্ফোৰণৰ প্ৰতিবেদন বিচাৰিছে।
এই গোচৰত দিল্লী আৰক্ষীয়ে এক্সপ্লোচিভ আইনৰ অধীনত এফআইআৰ ৰুজু কৰিছে। বৰ্তমান স্পেচিয়েল চেল, এন আই এ, চি আৰ পি এফ, এফ এছ এল আৰু এন এছ জিয়ে বিস্ফোৰণৰ তদন্ত কৰি আছে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তদন্ত চলাই আছে।
ইফালে বোমা সংস্থাপন কৰা লোকজনক চিনাক্ত কৰাৰ বাবে বিস্ফোৰণস্থলীৰ সমীপত থকা দোকান সমূহৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা বুলিও জানিব পৰা গৈছে।
এই বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত দেশৰ ৰাজধানী দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু ডাঙৰ ডাঙৰ বজাৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
আনহাতে বিদ্যালয়খনৰ সমীপত থকা মোবাইল টাৱাৰৰ পৰা কালি নিশাৰ পৰা আজি পুৱা ৯ বজালৈ কিমান ফোনকল আহিছে তাৰো পৰীক্ষা কৰাত ব্যস্ত আছে চি আৰ পি এফৰ দল।
উল্লেখ্য যে, আজি হোৱা এই বিস্ফোৰণৰ আঁৰত কোনো সন্ত্ৰাসবাদী সংগঠন জড়িত আছে নে আন কোনো লোক জড়িত আছে সেই তথ্য এতিয়ালৈ পোহৰলৈ অহা নাই।