শুকুৰবাৰে হিমাচল প্ৰদেশৰ সুখৱিন্দৰ সিং চুখু চৰকাৰে গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত। আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত নীতিগতভাৱে ভাং খেতি কৰাৰ বাবে অনুমোদন জনোৱা হয়। ইয়াৰ উপৰি ৰোহৰু ডিগ্ৰী মহাবিদ্যালয়ৰ নাম সলনি কৰি ৰাজা বীৰভদ্ৰ সিং চৰকাৰী ডিগ্ৰী মহাবিদ্যালয় কৰাৰো সিদ্ধান্ত লোৱা হয়।
২০১৭ চনৰ ২৭ ডিচেম্বৰত হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ দেহাৱসান ঘটিছিল। তেওঁৰ পুত্ৰ বিক্ৰমাদিত্য সিং বৰ্তমান সুখু কেবিনেটত মন্ত্ৰী। সিঙৰ পত্নী হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী। বীৰভদ্ৰ সিং চাৰিবাৰ হিমাচলৰ মুখ্যমন্ত্ৰী হৈছিল।
হিমাচল প্ৰদেশত হোম ষ্টে পলিচিতো অনুমোদন জনাইছে কেবিনেটে। ইফালে কুল্লু জিলাৰ টাণ্ডিত সংঘটিত হোৱা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ পৰিয়ালসমূহে ৭ লাখ টকাৰ সাহায্য লাভ কৰাৰ লগতে আংশিকভাৱে জ্বলি যোৱা ঘৰৰ বাবে ১ লাখ টকা আৰু গো-গোহালিৰ বাবে ৫০ হাজাৰ টকা দিবলৈ অনুমোদন দিয়া হৈছে।
কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে ভাং খেতিক নীতিগতভাৱে বৈধ আখ্যা কৰাৰ পিছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।