পহিলা জানুৱাৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। ৰাজ্যত অচিৰেই হ্ৰাস পাব বিদ্যুতৰ মাছুল। ব’হাগ বিহুৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল। বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ডেৰ টকাকৈ হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছে।
লগতে মুখ্যমন্ত্ৰীয়ে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আইন আনিব বুলিও উল্লেখ কৰে। থলুৱা নিযুক্তিৰ ক্ষেত্ৰত প্ৰাধান্য দিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে আনিব ড’মিচিয়েল পলিচি।