বুধবাৰে অসম চৰকাৰে গ্ৰহণ কৰে এক ডাঙৰ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গো মাংসত নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই এই কথা ঘোষণা কৰিছে।
বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আমি সিদ্ধান্ত লৈছো যে এতিয়াৰে পৰা কোনো ৰেষ্টুৰেণ্ট বা হোটেলত গো-মাংস পৰিবেশন কৰিবলৈ দিয়া নহ’ব আৰু লগতে ইয়াক কোনো ৰাজহুৱা অনুষ্ঠান বা ৰাজহুৱা স্থানতো পৰিৱেশন কৰিব নোৱাৰিব।
এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আমি ৩ বছৰ পূৰ্বেই অসমত গো হত্যা বন্ধ কৰিবলৈ আইন প্ৰণয়ন কৰিছিলো। ইয়াৰ দ্বাৰা গো হত্যা বন্ধ কৰাত যথেষ্ট সফলতা লাভ কৰা হৈছে। এতিয়া আমি সিদ্ধান্ত লৈছো যে অসমৰ কোনো ৰেষ্টুৰেণ্ট বা হোটেলত গো-মাংস পৰিবেশন কৰিবলৈ দিয়া নহ’ব আৰু লগতে ইয়াক কোনো ৰাজহুৱা অনুষ্ঠান বা ৰাজহুৱা স্থানতো পৰিবেশন কৰিবলৈ দিয়া নহ’ব, গতিকে আজিৰ পৰা আমি হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত গো-মাংস খোৱাৰ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছো।’
তেওঁ লগতে কয় যে আগতে আমাৰ সিদ্ধান্ত আছিল মন্দিৰৰ ওচৰত গো-মাংস খোৱা নিষিদ্ধ কৰা কিন্তু এতিয়া আমি ইয়াক সমগ্ৰ ৰাজ্যলৈ সম্প্ৰসাৰিত কৰিছো যে আপুনি কোনো সামূহিক স্থান, ৰাজহুৱা স্থান, হোটেল বা ৰেষ্টুৰেণ্টত খাব নোৱাৰিব। তিনি বছৰ আগতে আমি যি পদক্ষেপ লৈছিলো। আমি ইয়াক আৰু আগুৱাই লৈ গৈ আছো।
ইফালে মুখ্যমন্ত্ৰী শৰ্মাৰ এই ঘোষণাৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মই অসম কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছো যে হয় এই সিদ্ধান্তক আদৰি লওক নহয় পাকিস্তানলৈ যাওক।
উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ উপ-নিৰ্বাচনত অসমৰ পাঁচোটা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ পিছৰে পৰা গো মাংসক পুনৰ আৰম্ভ হৈছিল ৰাজনীতি।
বিশেষকৈ সংখ্যালঘু অধ্যুষিত সমষ্টি চামগুৰিত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন পৰাস্ত হোৱাৰ পিছতে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছিল এক ভয়ংকৰ অভিযোগ। মুছলমান লোকসকলক গো মাংস খুৱাই বিজেপিয়ে চামগুৰিত বিজয় সাব্যস্ত কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল ৰকিবলু হুছেইনে।
ৰকিবুল হুছেইনৰ মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে যদিহে কংগ্ৰেছে লিখিত ৰূপত কথা দিয়ে তেন্তে মই ৰাজ্যত গো মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিম।