অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অৰ্থাত ADREত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। দুৰ্গা পূজাৰ পিছতেই ঘোষণা কৰা হ’ব ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল। এই কথা জানিব দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কৰা ঘোষণা অনুসৰি অহা ১০ অক্টোবৰত ঘোষণা কৰা হ’ব ADREৰ ৩য় বৰ্গৰ ফলাফল। আনহাতে ১৫ অক্টোবৰত ঘোষণা কৰা হ’ব ADREৰ ৪ৰ্থ বৰ্গৰ ফলাফল।
ইয়াৰ উপৰি স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল অহা ১২ অক্টোবৰৰ পূৰ্বে ঘোষণা কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ লগতে নিম্ন প্ৰাথমিকৰ শিক্ষক নিযুক্তিৰ ফলাফল ১৫ৰ পৰা ২০ অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
ইয়াৰ উপৰি গ্রেজুৱেট শিক্ষক আৰু পোষ্ট গ্রেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল ১৫ অক্টোবৰত, SIৰ পৰীক্ষা আৰু F&ESৰ পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
২০ অক্টোবৰৰ পূৰ্বে সকলো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ২৫-২৬ অক্টোবৰৰ ভিতৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।
ইফালে AB আৰু UBৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই ক্ষেত্রত উচ্চ ন্যায়ালয়ে বাধা আৰোপ কৰিছে। কিন্তু চলিত মাহৰ ভিতৰতে AB আৰু UB কনিষ্টবলৰ ফলাফল দিয়া হ’ব।