ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৫২৮- মোগল বংশৰ প্ৰতিষ্ঠাপক বাবৰে মেৱাৰৰ ৰাণা সংগক পৰাস্ত কৰি চান্দেৰীৰ দুৰ্গ দখল কৰে।
১৭৮০- ভাৰতৰ প্ৰথমখন বাতৰি কাকত ইংৰাজী ভাষাত প্ৰকাশ পায়, যাৰ নাম “হিকিৰ বংগ গেজেট”। “হিকিজ গেজেট”, “বেংগল গেজেট” বা “কলকাতা জেনেৰেল এডভাৰটাইজাৰ” কলকাতাৰ পৰা প্ৰকাশ পাইছিল। এই ইংৰাজী ভাষাৰ কাকতখনৰ সম্পাদক আছিল জেমছ অগাষ্টাছ হিকি।
১৯১৬- জাৰ্মানীয়ে প্ৰথম বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে ফ্ৰান্সক আক্ৰমণ কৰে।
১৯৩৯- ৰামকৃষ্ণ মিছন সাংস্কৃতিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা হয়।
১৯৭৩- আমেৰিকা, ছোভিয়েট ইউনিয়ন আৰু আন ১৭ খন দেশৰ ভিয়েনাত ইউৰোপত সামৰিক শক্তি হ্ৰাস কৰাৰ বিষয়ে আলোচনা কৰা হয়।
১৯৭৯- ভাৰতৰ প্ৰথমখন জাম্বো ৰেল টুইন ইঞ্জিনযুক্ত তামিলনাডু এক্সপ্ৰেছ নতুন দিল্লী ষ্টেচনৰ পৰা চেন্নাই অভিমুখে ফ্লেগ অফ কৰা হয়।
১৯৮৯- ছিৰিয়া আৰু ইৰাণে লেবাননত সংঘাত বন্ধ কৰাৰ বাবে চুক্তিত উপনীত হয়।
১৯৯৪- ভাৰত চৰকাৰে ১৯৫৩ চনৰ এয়াৰ কৰ্পৰেশ্যন এক্ট বাতিল কৰে।
১৯৯৬- ফ্ৰান্সৰ ৰাষ্ট্ৰপতি জেক চিৰাকে ভৱিষ্যতে পাৰমাণৱিক পৰীক্ষণ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
২০০৩ চনত ইজৰাইলৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী এৰিয়েল শ্বেৰনৰ লিকুড দলে জয়লাভ কৰে।
২০০৫ চনত নক্সালবাদীয়ে গয়াত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ভেংকয়া নাইডুৰ হেলিকপ্টাৰ গুলীয়াই নিক্ষেপ কৰে। কোনো আঘাত নোপোৱাকৈ সাৰি যায় নাইডু।
২০০৭- অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে জামিন জেকচনক পৰাস্ত কৰি লণ্ডনৰ চেনেল ৪ৰ ৰিয়েলিটি শ্ব’ “বিগ ব্রাদাৰ”ৰ চেম্পিয়ন হয়।
২০১০- ভাৰত আৰু ৰাছিয়াৰ যৌথ প্ৰকল্পৰ অধীনত উৎপাদিত পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমানে ৰাছিয়াৰ সুদূৰ পূৰ্বাঞ্চলত প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে।








