ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৫২২- লুবেক আৰু ডেনমাৰ্কৰ মাজত যুদ্ধ।
১৬৪৮- স্পেইন আৰু হোলেণ্ডৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
১৬৪৯- ইংলেণ্ডৰ সম্ৰাট প্ৰথম চাৰ্লছক মৃত্যুদণ্ড দিয়া হয়।
১৭৯০- তাওন নদীত প্ৰথমখন লাইফবোটৰ পৰীক্ষা কৰা হয়।
১৯০২- লণ্ডনত চীন আৰু কোৰিয়াৰ স্বাধীনতা সম্পৰ্কে ব্ৰিটেইন আৰু জাপানৰ মাজত প্ৰথমখন এংলো-জাপানী চুক্তি স্বাক্ষৰিত হয়।
১৯৩৩- এডলফ হিটলাৰে আনুষ্ঠানিকভাৱে জাৰ্মানীৰ চ্যান্সেলৰৰ পদ গ্ৰহণ কৰে।
১৯৪৮- মহাত্মা গান্ধীক হত্যা কৰা হয়।
১৯৪৯- নৈশ বিমান সেৱা আৰম্ভ হয়।
১৯৬৪- দক্ষিণ ভিয়েটনামত সেনাই ক্ষমতা দখল কৰে।
১৯৭৪- ইণ্ডিয়ান এয়াৰলাইন্সৰ ফকাৰ ফ্ৰেণ্ডশ্বিপৰ এখন বিমান অপহৰণ কৰা হয়।
১৯৮৮- কম্বোডিয়াৰ নাৰোত্তম ছিহানৌকে পদত্যাগ কৰে।
১৯৮৯- আফগানিস্তানৰ কাবুলত থকা আমেৰিকাই দূতাবাস বন্ধ কৰে।
১৯৯৭- ৪৭ বছৰৰ পাছত মহাত্মা গান্ধীৰ ছাই সংগমত বিসৰ্জন দিয়া হয়।
২০০১- গুজৰাট ভূমিকম্পৰ পিছত মহামাৰীৰ সম্ভাৱনা ৰোধৰ বাবে অধিক পুনৰ্বাসনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ হাজাৰ হয়।
২০০৫- ভিয়েটনামত বাৰ্ড ফ্লুত ১২ জন লোকৰ মৃত্যু হয়।
২০০৬- পেলেষ্টাইনত হামাছৰ বিজয়ৰ বাবে ইজৰাইলে আৰ্থিক সাহায্যৰ পৰিকল্পনা বন্ধ কৰি দিয়ে।
২০০৯- অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্সড ডাবলছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে ছানিয়া মিৰ্জা আৰু মহেশ ভূপতি।










