ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৬১৩- মাইকেল ৰোমাৰভ ৰাছিয়াৰ জাৰ হয় আৰু তেতিয়াৰ পৰা তাত ৰোমানভ বংশ প্ৰতিষ্ঠা হয়।
১৭০৭- আহমেদনগৰত ঔৰংজেবৰ মৃত্যু হয়।
১৭৯৫- ডাচসকলে চিলন আৰু শ্ৰীলংকা ব্ৰিটিছৰ হাতত অৰ্পণ কৰে।
১৮৪৮- কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেড্ৰিখ এংগেলছে কমিউনিষ্ট মেনিফেষ্টো প্ৰকাশ কৰে।
১৯১৬- প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সত ভাৰ্ডান যুদ্ধ আৰম্ভ হয়।
১৯১৯- মিউনিখত বাভাৰিয়াৰ
বাৰ্চিলোনাত বিপ্লৱ।
১৯২৫- দ্য নিউয়ৰ্কাৰ আলোচনীৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়।
১৯৪৩- ব্ৰিটিছ ৰজা জৰ্জ ষষ্ঠই ৰাছিয়ানসকলক সন্মান জনায়।
১৯৪৮- স্বাধীন ভাৰতৰ সংবিধানৰ খচৰা সংবিধান সভাৰ সভাপতিৰ আগত দাখিল কৰা হয়।
১৯৫২- ঢাকা (তেতিয়াৰ পূব পাকিস্তান)ত বাংলা ভাষাৰ চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে। এই আনুষ্ঠানিক মৰ্যাদা পৰৱৰ্তী সময়ত প্ৰদান কৰা হয়, আৰু তেতিয়াৰ পৰাই বাংলাদেশত এই দিনটো ভাষা আন্দোলনৰ স্মৃতি হিচাপে পালন কৰা হয়। পিছত ইউনেস্কো আন্তৰ্জাতিক মাতৃভাষা দিৱস ঘোষণা কৰে।
১৯৫৯- আজিৰ দিনটোতে নতুন দিল্লীত প্ৰেছ ক্লাব অৱ ইণ্ডিয়া প্ৰতিষ্ঠা হয়।
১৯৬৩- ছোভিয়েট ইউনিয়নে আমেৰিকাক সকীয়াই দিছিল যে কিউবাৰ ওপৰত আক্ৰমণ বিশ্বযুদ্ধলৈ পৰিণত হ’ব পাৰে।
১৯৭৪ – যুগোস্লাভিয়াই সংবিধান গৃহীত কৰে।
১৯৭৫- ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে দখল কৰা আৰব ভূখণ্ডত ইজৰাইলৰ দমনমূলক কাৰ্য্যৰ বাবে তীব্ৰ নিন্দা কৰে।
১৯৮১- নাছাই কমষ্টাৰ-৪ উপগ্ৰহ উৎক্ষেপণ কৰে।
১৯৮৬- দক্ষিণ আফ্ৰিকা চৰকাৰে জোহান্সবাৰ্গ আৰু ডাৰবান কৃষ্ণাংগসকলৰ বাবে মুকলি কৰে।
১৯৯১- আলবেনিয়াত আৰক্ষীৰ অভ্যুত্থানৰ পিছত ৰাষ্ট্ৰপতিয়ে নতুন চৰকাৰ গঠনৰ কথা ঘোষণা কৰে।
১৯৯২- চীনে চাংহাই ষ্টক এক্সচেঞ্জত বিদেশীক কাম কৰিবলৈ অনুমতি দিয়ে।
১৯৯৮- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইৰাকক ৫.২ বিলিয়ন ডলাৰৰ তেল বিক্ৰীৰ অনুমতি প্ৰদান কৰে।
১৯৯৯- লাহোৰ ঘোষণা সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ মাজত চুক্তি।
২০০০- ভাৰতীয় মূলৰ ৫২ বছৰীয়া উজ্জ্বল দোছাঞ্জ কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ নতুন মুখ্যমন্ত্ৰী (প্ৰধানমন্ত্ৰী) হয়।











