চীনৰ পৰা সম্প্ৰসাৰণ হোৱা HMPV নামৰ আন এক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ভাৰতত। এই ভাইৰাছৰ প্ৰথমটো ঘটনা ধৰা পৰিছে গুজৰাটৰ আহমেদাবাদত। আহমেদাবাদৰ চান্দখেড়া অঞ্চলৰ এটি দুমহীয়া শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছ।
এই শিশুটি চান্দখেড়াস্থিত অৰেঞ্জ চিল্ড্ৰেন হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতে হাস্পতালখনৰ শিশু বিশেষজ্ঞ নীৰৱ পেটেলে কয়, ‘ইয়াক লৈ ভয় খোৱাৰ কোনো প্ৰয়োজন নাই’।
চিকিৎসক নীৰৱ পেটেলে কয় যে এয়া সাধাৰণ ফ্লুৰ দৰে ভাইৰাছ। এই শিশুটিক ২৪ ডিচেম্বৰত আমাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। শিশুটি গুজৰাটৰ মোডাছাৰ বাসিন্দা। দুদিন-তিনিদিনৰ পৰা জ্বৰ-কাহত আক্ৰান্ত আছিল। দুদিন-তিনিদিন সাধাৰণভাৱে চিকিৎসা কৰাৰ পিছতো শিশুটিৰ অক্সিজেনৰ মাত্ৰা কমি থকা বাবে ভেণ্টিলেটৰ মেচিনৰ চাপোৰ্ট দিয়া হয়।
চিকিৎসক পেটেলে লগতে কয় যে প্ৰায় পাঁচ দিন ভেণ্টিলেটৰত থকাৰ পিছত শিশুটিৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট উন্নত হৈছে। শিশুটিক এতিয়া আমি হাস্পতালৰ পৰা যাব দিব পৰা হৈছো। নৱজাতকটিৰ হাওঁফাওঁৰ সমস্যা আছিল। সেয়ে শিশুটি ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কিন্তু সুস্থ শিশু যদি এই ভাইৰাছৰ আক্ৰান্ত হয় তেন্তে আতংকিত হোৱাৰ প্ৰয়োজন নাই।
বৃদ্ধ আৰু শিশুৱে অধিক যত্ন লোৱাৰ প্ৰয়োজন
ইফালে এইমছৰ প্ৰাক্তন সঞ্চালক ৰনদীপ গুলেৰিয়াই কয় যে, ‘এইটো কোনো বিপদজনক নহয়। এইটো কোনো নতুন ভাইৰাছ নহয়। অৱশ্যে বৃদ্ধ আৰু শিশুসকলে অধিক সাৱধান হোৱাৰ প্ৰয়োজন কাৰণ তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম আৰু তেওঁলোক সোনকালে সংক্ৰমিত হয়। শীতকালত এই ভাইৰাছ বতাহত বহুদিন থাকে, গতিকে শীতকালত মানুহে অধিক সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। যদি শিশুৰ জ্বৰ হয় তেন্তে অভিভাৱকে তেওঁলোকক স্কুললৈ পঠিয়াব নালাগে।’
চিকিৎসক ৰণদীপ গুলেৰিয়া আৰু নীৰৱ পেটেলৰ মতে ইয়াৰ লক্ষণ হ’ল চৰ্দি, কাহ আৰু নাকেদি পানী ওলোৱা। মনত ৰাখিবলগীয়া কথাটো হ’ল যেতিয়াই চৰ্দি আৰু কাহ হয় তেতিয়াই মাস্ক ব্যৱহাৰ কৰি সময়ে সময়ে ভালদৰে হাত ধুই থাকিব লাগে।
উল্লেখ্য যে, ভাৰতত এই পৰ্যন্ত HMPV ভাইৰাছত ৭ জন আক্ৰান্ত হৈছে।