বহু অপেক্ষাৰ অন্তত আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ১২টাকৈ ৱেৱছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল।
বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৪ শতাংশ। ১৪ হাজাৰ ৫৮৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে বাণিজ্য শাখাত।
বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৫ শতাংশ। ৪৮ হাজাৰ ৩০৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত।
কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১ শতাংশ। ১ লাখ ৮৩ হাজাৰ ৭৪৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত।
কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪৯,৫৭৮ গৰাকী
দ্বিতীয় বিভাগত ৮০,৬৫০ গৰাকী উত্তীৰ্ণ
তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫৩, ৫১৮ গৰাকী
বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী
দ্বিতীয় বিভাগত ৫,৭৬০ গৰাকী উত্তীৰ্ণ
তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ২,৩০৫ গৰাকী
বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৫,৮২৭ গৰাকী
দ্বিতীয় বিভাগত ১৯,২৮৬ গৰাকী উত্তীৰ্ণ
তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৬ গৰাকী