বহু উৎকণ্ঠাৰ অন্তত আজি ঘোষণা কৰা হ’ল চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০:৩০ বজাত ঘোষণা কৰা হ’ল ফলাফল। সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
- এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰিলে যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ অমিশী শইকীয়াই।
- দ্বিতীয় স্থানত আছে কামৰূপ (মেট্ৰো)ৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্ষ বৰদলৈ।
- তৃতীয় স্থান লাভ কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ অনিৰ্বান বৰগোঁহাইয়ে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বল ফলাফল লাভ কৰা শীৰ্ষ ৫ খন জিলা হৈছে-
-
শিৱসাগৰ – ৮৫.৫৫%
-
ডিব্ৰুগড় – ৮১.১০%
-
ধেমাজি – ৮০.৬৪%
-
যোৰহাট – ৭৯.৬১%
-
নলবাৰী – ৭৮.৪০%
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল এই ৫ জিলাৰ-
-
ধুবুৰী – ৫৪.৮৯%
-
হোজাই – ৫২.৬১%
-
কাছাৰ – ৫১.৫৮%
-
গোৱালপাৰা – ৫১.৩১%
-
শ্ৰীভূমি – ৪৭.৯৬%