হাৰিয়ানাৰ আম্বালাত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ যুদ্ধ বিমান। অৱশ্যে এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে পাইলটজনৰ। বায়ুসেনাৰ বিবৃতি অনুসৰি যুদ্ধ বিমানখনে আম্বালা এয়াৰবেছৰ পৰা প্ৰশিক্ষণৰ বাবে উৰা মাৰিছিল। আম্বালাৰ পাহাৰীয়া অঞ্চল মৰ্নিৰ বাল্ডৱালা গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয় যুদ্ধ বিমানখন।
ঘটনাৰ পিছতে গাঁওখনৰ লোকসকলৰ মাজত ভয়-শংকাই বিৰাজ কৰে। জানিব পৰা মতে, যুঁজাৰু বিমানখনৰ পাইলটে পেৰাচুটৰ জৰিয়তে নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয়। ইফালে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
ভাৰতীয় বায়ুসেনাৰ বিবৃতি অনুসৰি, হঠাতে হোৱা কাৰিকৰী বিজুতিৰ বাবে যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত হয়।
ভাৰতীয় বায়ুসেনাত জাগুয়াৰ যুঁজাৰু বিমানখনক ‘শ্বামশ্বিৰ’ নামেৰে নামাকৰণ কৰা হৈছে। ১৯৭৯ চনত ইয়াক বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু আজিও ইয়াৰ অন্তৰ্ভুক্ত। বহুদিনৰ মূৰত এই পুৰণি বিমানখন ক্ৰমান্বয়ে উন্নীতকৰণৰ কাম চলি আছে। ইয়াৰ গতিবেগ ঘন্টাত ১৩৫০ কিলোমিটাৰ।