অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলিৰে গুৱাহাটীত আৰম্ভ হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫। ৩০ ছেপ্তেম্বৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মেচৰ জৰিয়তে আৰম্ভ হ’বলগীয়া বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। এই উদ্বোধনী অনুষ্ঠানতেই জুবিন গাৰ্গক জনোৱা হ’ব শ্ৰদ্ধাঞ্জলি।
বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এই পৰিকল্পনা নিশ্চিত কৰে। ‘শেহতীয়াকৈ অসমৰ মিউজিক আইকন জুবিন গাৰ্গৰ মৃত্যু হৈছে। আজি তেওঁৰ নশ্বৰ দেহ গুৱাহাটীত উপস্থিত হৈছে আৰু ইয়াক ১-২ দিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব। অসমত এতিয়া ব্যাপক শোক। সেয়ে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, আৰু সন্মানৰ যোগ্য ব্যক্তি হিচাপে, অসম ক্ৰিকেট সন্থাই হয়তো বিচিচিআইৰ সৈতে আলোচনা কৰি উদ্বোধনী অনুষ্ঠানৰ সময়ত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিব।’
‘আজি সন্ধিয়াৰ ভিতৰতে এই সন্দৰ্ভত সকলো পৰিকল্পনা চূড়ান্ত কৰা হ’ব। জুবিন গাৰ্গৰ নামত প্ৰায় ৪০ মিনিটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ’ব’, এই কথাও উল্লেখ কৰে সচিব শইকীয়াই।
উল্লেখ্য যে, মুকলি অনুষ্ঠানত কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে বিশ্বকাপৰ আনুষ্ঠানিক গীত ব্ৰিং ইট হোম গীত পৰিৱেশন কৰিব। ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা মহিলা ক্ৰিকেট বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণৰ এই অনুষ্ঠানৰ জৰিয়তে ভাৰতে এই প্ৰতিযোগিতাখন চতুৰ্থবাৰৰ বাবে আয়োজন কৰিছে।