ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচত পৰাজয়ৰ সন্মুখীন হৈছিল আলহী দল ইংলেণ্ডে। কলকাতাত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰিছিল।
শৃংখলাৰ দ্বিতীয়খন মেচ শনিবাৰে চেন্নাইত অনুষ্ঠিত হ’ব। এই মেচখনৰ বাবে ইংলেণ্ডে মূল একাদশত সালসলনি ঘটাইছে। দ্বিতীয় মেচখনৰ পৰা ইংলেণ্ডে বাহিৰ কৰিছে গাছ এটকিনছনক। তেওঁৰ ঠাইত এজন অল ৰাউণ্ডাৰ খেলুৱৈক প্লেইং এলেভেনত সুযোগ দিয়া হৈছে।
ইংলেণ্ডে এটকিনছনৰ ঠাইত ব্ৰাইডন কাৰ্ছক সুযোগ দিছে। এইপৰ্যন্ত ইংলেণ্ডৰ হৈ ৪ খন টি-২০ মেচ খেলিছে কাৰ্ছে। এই সময়ছোৱাত ৬টা উইকেট দখল কৰিছে। অৱশ্যে এই সময়ছোৱাত তেওঁ বেটিং কৰাৰ সুযোগ লাভ কৰা নাই। তেওঁ ইংলেণ্ডৰ হৈ ১৯খন এদিনীয়া মেচত ২৩টা উইকেট দখল কৰিছে।
টিম ইণ্ডিয়াইও সলনি কৰিব পাৰে খেলা এঘাৰ –
প্ৰথমখন টি-২০ মেচত ভাৰতে জয়লাভ কৰিছিল। অৱশ্যে ইয়াৰ পিছতো ভাৰতে দ্বিতীয়খন মেচত মূল একাদশত সালসলনি কৰাৰ সম্ভাৱনা আছে। মহম্মদ ছামীক সুযোগ দিয়া হ’ব পাৰে ভাৰতীয় দলে। যদি তেওঁ প্লেইং এলেভেনত স্থান পায়, তেন্তে ৰবি বিষ্ণোইক বিৰতি দিব পাৰি।