আগষ্ট মাহৰ ১৫ তাৰিখে ভাৰতে ৭৮ সংখ্যক স্বাধীনতা উদযাপন কৰে। ভাৰতৰ বাহিৰেও আৰু ৫ খন দেশ আছে, যিকেইখন দেশত ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস পালন কৰা হয়।
দক্ষিণ কোৰিয়া
৩৫ বছৰীয়া জাপানী ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ ১৯৪৫ চনৰ ১৫ আগষ্টত দক্ষিণ কোৰিয়াই স্বাধীনতা লাভ কৰে।
উত্তৰ কোৰিয়া
১৯৪৫ চনৰ ১৫ আগষ্টৰ এই দিনটোতেই জাপানৰ শাসনৰ মুক্ত হৈছিল। সেয়েহে উত্তৰ কোৰিয়াতো ১৫ আগষ্টতৰ দিনাই স্বাধীনতা দিৱস পালন কৰা হয়।
বাহৰেইন
১৯৭১ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰসংঘৰ জৰীপৰ পিছত বাহৰেইনে ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হৈ স্বাধীনতা স্বাধীনতা লাভ কৰিছিল। ১৫ আগষ্টৰ দিনটোতেই বাহৰেইন আৰু ব্ৰিটিছৰ মাজত সন্ধি স্বাক্ষৰিত হৈছিল।
কংগো
১৯৬০চনৰ ১৫ আগষ্টত আফ্ৰিকাৰ দেশ কংগোই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে। ইয়াৰ পিছত কংগোই, ৰিপাব্লিক অফ কংগোত পৰিণত হয়।
লিক্তনস্তাইন
লিক্তনস্তাইন হৈছে পৃথিৱীৰ আটাইতকৈ সৰু দেশবিলাকৰ ভিতৰত এখন। লিক্তনস্তাইনে ১৮৬৬ চনৰ ১৫ আগষ্টত জাৰ্মানীৰ কবলৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল।