আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ এক স্বাধীন দেশ হিচাপে বিশ্বৰ বুকুত নিজৰ পৰিচয় দাঙি ধৰাৰ আজি সম্পূৰ্ণ ৭৮টা বছৰ পাৰ হৈছে। স্বাধীনতা দিৱস উপলক্ষ্যে আজি দিল্লীৰ লালকিল্লাত দেশৰ প্ৰধানমন্ত্ৰীয়ে জাতীয় পতাকা উত্তোলন কৰি ভাষণ আগবঢ়ায়।
অসমতো খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ত পতাকা উত্তোলন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চৰাইদেউ মৈদামক ঐতিহ্যপূৰ্ণ ক্ষেত্ৰৰূপে স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়। ১ লাখ নিযুক্তি পাৰ কৰি ডেৰ লাখ নিযুক্তি দিয়াৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ।
এজনো অবৈধ বাংলাদেশী নাগৰিক যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ দায়িত্ব লয় মুখ্যমন্ত্ৰী ড° শৰ্মাই। লগতে তেওঁ ইয়াকো কয় যে, বৰ্তমান অসমত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা যথেষ্টখিনি হ্ৰাস পোৱাৰ বুলি কয় মুখ্যমন্ত্ৰীয়ে। ২০১৩-১৪ চনৰ পৰা বৰ্তমানলৈ অসমত দৰিদ্ৰ লোকৰ সংখ্যা ৩৬.৯৭ শতাংশৰ পৰা ১৪.৪৭ শতাংশলৈ হ্ৰাস পাইছে বুলি তেওঁ ঘোষণা কৰে।
২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা ৩.০ৰ কাম-কাজ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। আকৌ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়। ৬ৰ পৰা ১০ নৱেম্বৰৰ ভিতৰত ৫ দিনৰ কৰ্মবিৰতি লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। পিতৃ-মাতৃৰ সৈতে সময় কটাবলৈ ছুটী লাভ কৰিব কৰ্মচাৰীসকলে। বেচৰকাৰী কাৰ্যালয়তো ৫ দিন ছুটী দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।