মহাৰাষ্ট্ৰৰ বীড বিধানসভাৰ আসনৰ নিৰ্দলীয় প্ৰাৰ্থী বালাছাহেব সিন্দেৰ আজি (২০ নৱেম্বৰ) হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। এটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছতেই তেওঁ হৃদ ৰোগত আক্ৰান্ত হৈছিল।
এই ঘটনাৰ পিছতেই ততাতয়াকৈ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক মৃত বুলি ঘোষণা কৰা হয়।
একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত বালাছাহেব সিন্দে আছিল বীড চহৰৰ ছত্ৰপতি ছাহু বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত। এই কেন্দ্ৰটোতে হঠাতে তেওঁ মূৰ ঘূৰাই মাটিত বাগৰি পৰিছিল।
ইয়াৰ পিছত তেওঁক লগে লগে বীড চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱস্থা সংকটজনক হোৱাত তেওঁক ছত্রপতি সম্ভাজী নগৰৰ এখন চিকিৎসালয়তো ভৰ্তি কৰোৱা হয়। কিন্তু ইয়াত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।