জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই সমগ্ৰ দেশতে আৱেগ উত্তপ্ত হৈ পৰিছে। পাকিস্তানক শাস্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ৰাইজে।
এনে পৰিস্থিতিত দেশৰ বহু চহৰত মানুহে পাকিস্তানৰ পতাকা জ্বলাই ৰাস্তাত ক্ষোভ প্ৰকাশো কৰিছে। বহু ঠাইত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিও ৰাইজে সমদল উলিয়াইছিল। এই সকলোবোৰৰ মাজতে ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত বোৰ্কা পিন্ধা দুগৰাকী মহিলাই ৰাজপথৰ পৰা পাকিস্তানৰ পতাকা তুলি লৈ লৈ যোৱা দেখা গৈছে। এই ভিডিঅ’টোৰ কমেণ্ট ছেকচনত ৰাইজে এই মহিলাসকলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত পোষ্ট কৰা এই ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে দুগৰাকী মহিলাই কেনেকৈ ৰাস্তাত আৱদ্ধ হৈ থকা পাকিস্তানী পতাকা আঁতৰাই সুৰক্ষিত কৰি ৰাখে। এক প্ৰতিবেদন অনুসৰি এই ভিডিঅ’টো কৰ্ণাটকৰ।
পাকিস্তানৰ বিৰুদ্ধে দেশৰ উত্তেজনাময় পৰিৱেশৰ মাজতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে পাকিস্তানৰ পতাকাক সমৰ্থন কৰা কোনো লোকে মানি নলয়। ছ’চিয়েল মিডিয়াত মহিলা ২জনীক বহুত সমালোচনা কৰা হয়।
এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে, মাদ্ৰাছাৰ পৰা শিক্ষা অধ্যয়ন কৰাসকলৰ পৰা আৰু কি আশা কৰিব পাৰি। আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, যদি তেওঁলোকে পাকিস্তান আৰু ইয়াৰ পতাকাক ইমানেই ভাল পায় তেন্তে তেওঁলোকক ভাৰতৰ কৰ ধনৰ পৰা ৰাজসাহায্যৰ প্ৰয়োজন কিয়?
এজন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, তেওঁলোকে নিজৰ দেশপ্ৰেম প্ৰকাশ কৰিছে কিন্তু পাকিস্তানৰ বাবেহে।