জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত আন এটাকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আছে ভাৰত চৰকাৰে। মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আৰ্থিক ৰণনীতিৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানৰ পৰা কোনোধৰণৰ সামগ্ৰী আমদানীত নিষিদ্ধ কৰা হৈছে।
পাকিস্তানত উৎপাদিত হোৱা আৰু লগতে তাৰ পৰা অহা যিকোনো ধৰণৰ সামগ্ৰী প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমদানী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ভাৰতে শেহতীয়াকৈ লোৱা এই পদক্ষেপৰ পৰা এটা কথা স্পষ্ট যে যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদক আশ্ৰয় আৰু প্ৰশ্ৰয় দি থাকে তেতিয়ালৈকে তেওঁলোকৰ সৈতে ব্যৱসায়িক বা কূটনৈৌতিক কোনো ধৰণৰ সম্পৰ্ক ৰক্ষা নকৰে। ভাৰতৰ এই সিদ্ধান্তত পাকিস্তানে আৰ্থিকভাৱে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব।
ভাৰতে আমদানি নিষেধাজ্ঞা কৰাত প্ৰত্যক্ষ প্ৰভাৱ পৰিব ভাৰতৰ ওপৰত নিৰ্ভৰশীল একাংশ পাকিস্তানী উদ্যোগ। পাকিস্তানৰ পৰা পোনপটীয়াকৈ আমদানি কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে চিমেণ্ট আৰু ড্ৰাই ফ্ৰুইটছ। ইয়াৰ ভিতৰত ই-কমাৰ্চৰ জৰিয়তে অৰ্ডাৰ কৰা পাকিস্তানী সামগ্ৰীও অন্তৰ্ভুক্ত। অৰ্থাৎ এতিয়া পাকিস্তানী সামগ্ৰী কোনো মাধ্যমেৰে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব।