শনিবাৰে ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৪ত মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তান। ৰোমাঞ্চকৰ খেলখনত ইণ্ডিয়া এ দলে পাকিস্তান এ দলক ৭ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাখনত দুৰ্দান্ত আৰম্ভণি কৰে।
প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ৭ উইকেটৰ বিনিময়ত ১৭৬ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল। শেষৰ তিনিটা অভাৰত ভাৰতীয় বলাৰৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবেই মেচখন ৭ ৰানত জয়ী হয়।
আই পি এলৰ বিগত সংস্কৰণত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আক্ৰমণাত্মক বেটিং কৰি উঝলি উঠা অভিষেক শৰ্মাই পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ ২২টা বলত ৩৫ ৰান সংগ্ৰহ কৰে। আন এজন অ’পেনাৰ প্ৰভসিমৰন সিঙে মাত্ৰ ১৯টা বলত ৩৬ ৰান সংগ্ৰহ কৰে।
ইফালে অধিনায়ক তিলক বাৰ্মাৰ অৱদান ৩৫টা বলত ৪২ ৰান। নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৮৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
লক্ষ্যৰ পিছা কৰিবলৈ আহি পাকিস্তানে আৰম্ভণিতে হেৰুৱাই দুটাকৈ গুৰুত্বপূৰ্ণ উইকেট। প্ৰচণ্ড চাপৰ সন্মুখীন হৈছিল যদিও পিছত অৱশ্যে মেচখন কিছু নিয়ন্ত্ৰণ আনিবলৈ সক্ষম হয়।
কিন্তু ভাৰতীয় বলাৰ অংশুল কাম্বোজ, ৰাচিখ ডাৰ চালাম আৰু নিশান্ত সিন্ধুৰ সুন্দৰ বলিঙৰ সহায়ত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। অংশুলে তিনিটা আৰু চালাম-সিন্ধুই দুটাকৈ উইকেট লাভ কৰে।