পুনৰবাৰ ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ভাৰতক মহান দেশ আখ্যা দি পুটিনে বিশ্বৰ মহাশক্তিশালী দেশৰ তালিকাত ভাৰতক স্থান দিয়াৰ পোষকতা কৰে।
বিশ্বৰ অন্য দেশৰ তুলনাত ভাৰতৰ অৰ্থনৈতিক বিকাশ দ্ৰুত, সেয়ে ভাৰতে বিশ্বৰ মহাশক্তিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ যোগ্যতা অৰ্জন কৰিছে।
ৰাছিয়াৰ ছোচি চহৰৰ ভালদাই ডিচকাচন ক্লাবত দিয়া ভাষণৰ সময়ত পুটিনে এই কথা কয়।
পুটিনে ভাৰতৰ প্ৰগতিৰ প্ৰশংসা কৰি বিশ্বৰ ক্ষেত্ৰখনত ভাৰতক অনন্য বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাছিয়াই ভাৰতৰ সৈতে বহু দিশত সম্পর্ক সুদৃঢ় কৰি তুলিছে৷
পুটিনে ভাৰতৰ উন্নয়ন তথা প্ৰগতিৰ প্ৰশংসা কৰি বিশ্বত ভাৰতক অনন্য বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাছিয়াই ভাৰতৰ সৈতে বহু দিশত সম্পর্ক সুদৃঢ় কৰি তুলিছে৷
ডেৰ বিলিয়ন জনসংখ্যা, বিশ্বৰ সকলো অৰ্থনীতিৰ ভিতৰত দ্ৰুততম বৃদ্ধি, প্ৰাচীন সংস্কৃতি আৰু অধিক উন্নয়নৰ উত্তম সম্ভাৱনা থকা মহাশক্তিৰ তালিকাত ভাৰতক নিঃসন্দেহে অন্তৰ্ভুক্ত কৰা উচিত বুলি ভাষণ প্ৰসংগত পুটিনে কয়।
শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ কথা উল্লেখ কৰি পুটিনে কয়, ‘ভাৰতৰ সৈতে আমি সকলো দিশতে সম্পৰ্ক গঢ়ি তুলিছো। প্ৰতি বছৰে ৰাছিয়া আৰু ভাৰতৰ মাজত সহযোগিতা বৃদ্ধি পাবলৈ ধৰিছে।’
পুটিনে ছোভিয়েট ইউনিয়নৰ সময়ৰ পৰাই ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্কৰ কথা উল্লেখ কৰি দুয়োখন দেশৰ সম্পৰ্কক অতি বিশেষ বুলি অভিহিত কৰে। পুটিনে ভাৰতৰ স্বাধীনতাত ছোভিয়েট ইউনিয়নে বিশেষ ভূমিকা গ্ৰহণ কৰা বুলিও উল্লেখ কৰে।