১১ মাৰ্চ অৰ্থাত মঙলবাৰে পাকিস্তানৰ বেলুচিস্তানত ৫০০ৰো অধিক যাত্ৰী কঢ়িয়াই নিয়া এখন ৰে’ল হাইজেক কৰে বেলুচ বিদ্ৰোহীয়ে। এই সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ উপদেষ্টা ৰানা ছানাউল্লাহে ভাৰতৰ বিৰুদ্ধে ৰে’ল হাইজেক সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
জানিব পৰা অনুসৰি, বেলুচ বিদ্ৰোহীয়ে সাধাৰণ নাগৰিক, মহিলা আৰু শিশুক মুকলি কৰি দিয়াৰ বিপৰীতে পাকিস্তানী সেনাৰ জোৱান, চোৰাংচোৱা সংস্থাৰ বিষয়া আৰু চৰকাৰী কৰ্মচাৰীক পণবন্দী কৰি ৰাখিছে।
সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি ৰে’লখন হাইজেক কৰিছে। বেলুচ বিদ্ৰোহীয়ে ২১৪জন যাত্ৰীক পণবন্দী কৰি লোৱা বুলি দাবী কৰিছে।
ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ উপদেষ্টা ৰানা ছানাউল্লাহে ভাৰতৰ বিৰুদ্ধে বেলুচিস্তানৰ ৰে’ল হাইজেক কাণ্ড সন্দৰ্ভত ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে। ৰানা ছানাউল্লাহে দাবী কৰিছিল যে ‘এই আক্ৰমণৰ আঁৰত ভাৰত আছে।’
এটা সংবাদ সংস্থাৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে ভাৰতে আফগানিস্তানৰ ভিতৰৰ পৰাই এই আক্ৰমণ চলাই আছে।
‘তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) আৰু বেলুচ বিদ্ৰোহীৰ মাজত কিবা সম্পৰ্ক আছেনে? টিটিপিয়ে বেলুচসকলক সমৰ্থন কৰেনে? সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত ৰাণা ছানাউল্লাহে কয়, ‘এই সকলোবোৰ ভাৰতে কৰি আছে, ইয়াত কোনো সন্দেহ নাই। ইয়াৰ পিছত বেলুচ বিদ্ৰোহীয়ে আফগানিস্তানত নিৰাপদ আশ্ৰয় লাভ কৰে।’
তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) আৰু বেলুচ বিদ্ৰোহীক ভাৰতে সমৰ্থন কৰে বুলি উদ্ভট মন্তব্য কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ উপদেষ্টা ৰানা ছানাউল্লাহে।