যিকোনো খেলতে ভাৰত বনাম পাকিস্তানৰ মেচ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিছে ভাৰতৰ ক্ৰীড়া মন্ত্ৰালয়ে। নতুন নীতি অনুসৰি ভাৰতে পাকিস্তানৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক শৃংখলা বা ইভেণ্টত খেলিব নোৱাৰিব। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায় বা টুৰ্ণামেণ্টত পাকিস্তানৰ বিৰুদ্ধে খেলাত বাধা নিদিয়ে ভাৰতক।
ক্ৰীড়া মন্ত্ৰালয়ৰ নতুন নীতিৰ পৰা এটা কথা স্পষ্ট হৈছে যে আগন্তুক এছিয়া কাপত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলাত কোনোধৰণৰ বাধা আৰোপ নকৰে।
যোৱা ২০ আগষ্টত ক্ৰীড়া মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত ভাৰতে কোনো দ্বিপাক্ষিক শৃংখলা খেলিবলৈ পাকিস্তানলৈ নাযায় আৰু ভাৰত চৰকাৰেও পাকিস্তানী দলটোক ভাৰতলৈ আহি খেলিবলৈ অনুমতি নিদিয়ে। অৱশ্যে পাকিস্তানী দল বা খেলুৱৈয়ে অংশগ্ৰহণ কৰা যিকোনো আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত কোনো ভাৰতীয় খেলুৱৈ বা দলক অংশগ্ৰহণ কৰাত বাধা দিয়া নহ’ব। ইয়াৰ উপৰি ভাৰতে আয়োজন কৰা কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা বা মেচত পাকিস্তানী খেলুৱৈ বা দলক অংশগ্ৰহণ কৰাত বাধা দিয়া নহ’ব।
উল্লেখ্য যে, ভাৰতে আয়োজন কৰা যিকোনো আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত পাকিস্তানী খেলুৱৈ বা দলক অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰা নাই যদিও পাকিস্তানত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ অংশগ্ৰহণ সন্দৰ্ভত কোনো স্পষ্ট ইংগিত প্ৰদান কৰা নাই ক্ৰীড়া মন্ত্ৰালয়ে।