সমাগত চেম্পিয়নছ ট্ৰফী। ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। কিন্তু এতিয়াও বিচিচিআইয়ে ঘোষণা কৰা নাই ভাৰতীয় দল। ক্ৰিকেট অনুৰাগীয়ে অধীৰ অপেক্ষাৰে ৰৈ থকা ভাৰতীয় দলটো শনিবাৰে ঘোষণা কৰিব।
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় দলে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব টি-২০ আৰু এদিনীয়া শৃংখলাত। ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে ইতিমধ্যেই ঘোষণা কৰা হৈছে ভাৰতীয় দলটো। কিন্তু এইপৰ্যন্ত ঘোষণা কৰা নাই এদিনীয়া দলটো।
শনিবাৰে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে বিচাৰকৰ মাজত হ’ব এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকৰ পিছতেই ইংলেণ্ডৰ বিৰুদ্ধে আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰিব ভাৰতীয় দল। দুপৰীয়া ১২ বজাত এই সংবাদমেল আয়োজন কৰা হ’ব বুলি জানিব পৰা গৈছে।