জম্মু-কাশ্মীৰৰ গুলমাৰ্গ অঞ্চলত বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে সেনা বাহিনীৰ এখন বাহনত আক্ৰমণ চলোৱাত দুজন জোৱান আহত হয়। উত্তৰ কাশ্মীৰৰ গুলমাৰ্গৰ বোটাপথৰি অঞ্চলৰ নাগিন অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
ইয়াত সেনাবাহিনীৰ এখন বাহনত গুলীচালনা কৰা হৈছে। ঘটনাৰ অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।
এই সেনাবাহিনীৰ বাহনখন এল অ’ চিৰ ফালে গৈ থকাৰ সময়তে ইয়াৰ ওপৰত গুলীচালনা কৰা হৈছিল। এই বাহনখন ৰাষ্ট্ৰীয় ৰাইফলছৰ আছিল, যিখন এল অ’ চিৰ গাতে লাগি থকা নগিন অঞ্চললৈ গৈ আছিল বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, কিছু দিন পূৰ্বে জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। শ্ৰীনাগা-লেহ ৰাষ্ট্ৰীয় ঘাইপথত এটা সুৰংগৰ নিৰ্মাণস্থলীত অচিনাক্ত সন্ত্ৰাসবাদীৰ গুলীচালনাত এগৰাকী চিকিৎসক আৰু ৬ জন শ্ৰমিক নিহত হয়।
এই আক্ৰমণ দেওবাৰে সন্ধিয়া সংঘটিত হৈছিল। কাম শেষ কৰি গুণ্ডত শিবিৰলৈ উভতি অহাৰ সময়তে শ্ৰমিকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে।